ৰাজ্যৰ উচ্চ শিক্ষাখণ্ডৰ বাবে এক সুখবৰ !

ৰাজ্যৰ উচ্চ শিক্ষাখণ্ডৰ বাবে এক সুখবৰ৷ উচ্চ শিক্ষা প্রদান কৰা দেশৰ শীর্ষ ১০০ শিক্ষানুষ্ঠানৰ ভিতৰত অসমৰ ৪ খন শিক্ষানুষ্ঠান উজলিবলৈ সক্ষম হৈছে৷

সামগ্রিকভাৱে শিক্ষানুষ্ঠানসমূহৰ ভিতৰত দেশৰ ৮ নম্বৰ স্থানত আছে গুৱাহাটী আই আই টি৷ ৬৭নং স্থানত আছে গুৱাহাটী বিশ্ববিদ্যালয়৷ ৭৩সংখ্যক স্থান লাভ কৰিছে তেজপুৰ বিশ্ববিদ্যালয়ে আৰু তালিকাৰ ৯৩নং স্থানত আছে শিলচৰৰ নেচনেল ইনষ্টিটিউট অৱ টেকনল’জী৷

আনহাতে, দেশৰ শীর্ষ ১০০খন বিশ্ববিদ্যালয়ৰ ভিতৰতো অসমৰ ৩খন বিশ্ববিদ্যালয়ে স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷ দেশৰ ১০০খন শীর্ষ বিশ্ববিদ্যালয়ৰ তালিকাত গুৱাহাটী বিশ্ববিদ্যালয় ৪৫নং স্থানত, তেজপুৰ বিশ্ববিদ্যালয় ৪৬নং স্থানত আৰু ৯৩সংখ্যক স্থানত শিলচৰৰ আছাম বিশ্ববিদ্যালয় আছে৷

আনহাতে দেশৰ শীর্ষ ১০০খন অভিযান্ত্রিক মহাবিদ্যালয়ৰ ভিতৰতো অসমৰ ৩খন মহাবিদ্যালয়ে স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷ এই অভিযান্ত্রিক মহাবিদ্যালয়সমূহ হৈছে ৭নং স্থানত থকা গুৱাহাটী আই আই টি, ৪৮নং স্থানত থকা শিলচৰৰ নেচনেল ইনষ্টিটিউট অৱ টেকনল’জী আৰু ৭৩সংখ্যক সংখ্যক স্থানত থকা গুৱাহাটীৰ নেচনেল ইনষ্টিটিউট অৱ ইনফৰমেচন টেকনল’জী৷

জাৰি কৰা ‘ইণ্ডিয়া ৰেংকিংছ ২০২১’–এ ৰাজ্যৰ বাবে এই সুখবৰ কঢ়িয়াই আনিছে ।

Leave a Comment