বেংকৰ কৰ্মচাৰীলৈ সুখবৰ

বেংকৰ কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ ! এইবাৰ ইণ্ডিয়ান বেংক এছচিয়েশ্যনৰ প্ৰস্তাৱত সন্মতি দি পেঞ্চনৰ নিয়মত সাল-সলনি কৰিবলৈ সাজু হৈছে চৰকাৰ। কেন্দ্ৰৰ নতুন নিয়ম অনুসৰি, এতিয়াৰ পৰা বেংক কৰ্মীসকলে তেওঁলোকৰ শেষৰ দৰমহাৰ ৩০ শতাংশ পেঞ্চন হিচাপে লাভ কৰিব।

এই সিদ্ধান্তৰ ফলত বেংক কৰ্মচাৰীৰ পেঞ্চন বেনিফিট ৩০ হাজাৰৰ পৰা ৩৫ হাজাৰ টকা পৰ্যন্ত বাঢ়িব।

এই কথা জনাইছে বিত্ত মন্ত্ৰণালয়ৰ ফিনান্স চাৰ্ভিচ শাখাৰ চেক্ৰেটেৰী দেৱাশীষ পাণ্ডাই।

আগতে, বেংক কৰ্মচাৰীসকলে অৱসৰৰ পেঞ্চনৰ বাবে সৰ্বাধিক ৯২৮৪ টকা উলিয়াব পাৰে। আছিল অন্তিম দৰমহাৰ পোন্ধৰ, বিশ, ত্ৰিশ শতাংশ। এই সময়তে ভাৰতীয় বেংকিং সংস্থাই চৰকাৰক পৰিমাণ বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিছিল। নিৰ্মলা সীতাৰমণে বুধবাৰে ৰাজহুৱা খণ্ডৰ বেংকসমূহৰ প্ৰদৰ্শনৰ পৰ্যালোচনা কৰিছিল। তাৰ পিছত এই সিদ্ধান্ত লোৱা হয়।

পেঞ্চনৰ বাবে টকাৰ পৰিমাণ বঢ়োৱাত সন্তোষ প্ৰকাশ কৰিছে বেংক কৰ্মচাৰীসকলে।

এতিয়া বেংক কৰ্মচাৰীৰ ১০ শতাংশ জমা কৰে নেচনেল পেঞ্চন প্লেনত। কিন্তু এই পৰিমাণ এতিয়াৰ পৰা ১৪ শতাংশ বঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

Leave a Comment