চৰকাৰী কৰ্মচাৰী আৰু পেন্সনাৰসকলৰ বাবে সুখবৰ

সমুখত উৎসৱৰ বতৰ। তাৰ মাজতে আহিছে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে আহিছে ভালখবৰ।

কৰ্মচাৰীৰ ডিয়াৰনেচ এলাউয়েন্স আৰু পেন্সনাৰসকলৰ বাবে ডিয়াৰনেচ ৰিলিফ বৃদ্ধিৰ সম্ভাৱনা আছে। সৌজন্য 7th Pay Commission। এই মুহূৰ্তত ১৭ শতাংশৰ পৰা ডিএ বাঢ়িছে ২৮ শতাংশ হৈছে। এইবাৰ আৰু ৩ শতাংশ বৃদ্ধিৰ সম্ভাৱনা আছে।

জুলাই ২০২১ৰ ডিএ এতিয়াও নিৰ্ধাৰণ হোৱা নাই। কিন্তু জানুৱাৰীৰ পৰা মে ২০২১AICPI-পৰিসংখ্যাই এয়াই কৈছে যে, ৩ শতাংশ আৰু বৃদ্ধি হ’ব পাৰে। ফলত ডিএ ৩১ শতাংশ পৰ্যন্ত বাঢ়ি যাব।

সংবাদমেলৰ ৰিপৰ্ট অনুসৰি, কেন্দ্ৰীয় চৰকাৰে দছেৰা আৰু দীপাৱলীত ডিএ বঢ়োৱাৰ সুখবৰ দিব।
যোৱা বছৰৰ নিৰিখ এতিয়াও অবধি ১১ শতাংশ ডিএ বাঢ়িছে। চৰকাৰে জুলাইত সেই সংখ্যা বঢ়াই ২৮ শতাংশ কৰি দিছে। কিন্তু জুন ২০২১ৰ পিছত যদি আৰু ৩ শতাংশ বাঢ়িলে সেয়া একেবাৰে ৩১ শতাংশ পাবগৈ। ফলত কৰ্মচাৰীৰ বেচিক যদি ৫০ হাজাৰ টকা হয়, তেন্তে সেয়া একেবাৰে ১৫,৫০০ টকা ডিএ পাব।

কৰ্মচাৰীৰ বেচিক যদি ৫৬,৯০০ টকা হয়, তেন্তে ডিএ ৩১ শতাংশ বাঢ়ি ১৭,৬৩৯ টকা হ’ব।

Leave a Comment