ৰণবীৰ কাপুৰৰ অনুৰাগীৰ বাবে ভাল খবৰ

জনপ্ৰিয় অভিনেতা ৰণবীৰ কাপুৰৰ অনুৰাগী সকলৰ বাবে ভাল খবৰ। শীঘ্ৰে মুক্তি লাভ কৰিব ৰণবীৰ কাপুৰে অভিনয় কৰা এটি গীত। মুক্তি পাবলগীয়া গীতটো হৈছে ‘মি লেলে’
“মিঃ লেলে”ত বিশেষ গীতত দেখা যাব ৰণবীৰ কাপুৰক গীতটি প্ৰযোজনা কৰিছে ।
কৰণ জোহৰৰ আৰু পৰিচালনাত কৰিছে শশাংক খাইতানৰে । আনহাতে, ছবিখনৰ সংগীত পৰিচালনাৰ দায়িত্বত আছে তানিষ্ক বাগ্‌চী আৰু ৰোচক কোহলী।

আহি আছে বলিউডৰ নতুন কমিক থ্ৰীলাৰ ছবি “মিঃ লেলে”। অভিনেতা ৰণবীৰ কাপুৰৰ উপৰিও ছবিখনত অভিনয় কৰিছে ‘উৰি’খ্যাত বিকী কৌশল, কিয়াৰা আদৱানি, ভূমি পেডনেকাৰ আদিয়ে।
ছবিখনত নিজস্ব নৃত্যশৈলীৰে দৰ্শকক মুহিব গৈ আছে অভিনেতা ৰণবীৰ কাপুৰে।

এক সূত্ৰ অনুসৰি, কৰণ জোহৰ আৰু শশাংক খাইতানে ৰণবীৰ কাপুৰক এটি নিৰ্দ্দিষ্ট গীতত নৃত্য কৰিবৰ বাবে বহু আগতেই চুক্তিবদ্ধ কৰি থৈছিল। কিয়নো ৰণবীৰ কাপুৰ কৰণ জোহৰৰ ঘনিষ্ঠ বুলি বি-টাউনত প্ৰায়েই চৰ্চা থাকে।

পূৰ্বেও অভিনেতাগৰাকীয়ে কৰণ জোহৰৰ দ্বাৰা পৰিচালিত ছবি “এ দিল হে মুস্কিল” ত অভিনয় কৰি যথেষ্ট সমাদৃত হৈছে।
আৰু অতি শীঘ্ৰে অনুৰাগী সকলৰ বাবে মুকলি কৰি দিয়া হ’ব গীতটি ।

Leave a Comment