টকিঅ’ পৰা অলিম্পিকত প্ৰথমটো পদক লাভ

টকিঅ’ পেৰা অলিম্পিকত ইতিহাস গঢ়িলে ভাৰতৰ টেবিল টেনিছ খেলুৱৈ ভাৱিনাবেন পেটেলে।

ফাইনেলত বিশ্বৰ ১ নম্বৰ খেলুৱৈ চীনৰ ঝৌ ইঙৰ হাতত পৰাজিত হ’লেও ভাৰতীয় হিচাপে প্ৰথম পদক অৰ্জন কৰি সমগ্ৰ দেশলৈ গৌৰৱ কঢ়িয়াই আনিলে ভাৱিনাবেন পেটেলে।

টেবিল টেনিছৰ ক্লাছ ৪ শাখাত ৩-০ত পৰাজিত হোৱাৰ ফলত ৰূপৰ পদকতে সন্তুষ্ট থাকিবলগীয়া হয় ভাৱিনাবেন। পেৰা অলিম্পিকত এইটোৱে ভাৰতৰ প্ৰথম পদক জয়।

প্ৰথমটো গেমত ৭-১১ব্যৱধানত পৰাজিত হয় ভাৱিনা। চীনৰ ঝৌ ইঙে প্ৰথমৰে পৰাই দমন অব্যাহত ৰাখে। শেষত ৬-১১ব্যৱধানত ভাৱিনাক হৰুৱায়।

এইবাৰৰ পেৰা অলিম্পিকত এইটোৱে ভাৰতৰ প্ৰথম পদক।

বৃহস্পতিবাৰে তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰে গ্ৰেট ব্ৰিটেইনৰ মেগান স্যেকলেটনক ৩-১ব্যৱধানত পৰাজিত কৰি ফাইনেলত উপনীত হৈছিল ভাৱিনাবেন।

ভাৱিনাবেন পেটেলৰ কৃতিত্বত টুইট যোগে অভিনন্দন জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে।

Leave a Comment