গুজৰাটৰ নতুন মুখ্য মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে ভূপিন্দৰ পেটেলে ।

বিজয় ৰূপানিৰ মুখ্যমন্ত্ৰী পদত্যাগৰ পিছতেই গুজৰাটৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে ভূপিন্দৰ পেটেলে । গান্ধীনগৰৰ ৰাজভৱনত শপত গ্ৰহণ কৰে পেটেলে ।গৃহমন্ত্ৰী অমিত শ্বাহ আৰু পাঁচখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ উপস্থিতত আনুষ্ঠানিক ভাৱে দায়িত্ব গ্ৰহণ কৰিলে ভূপিন্দৰ পেটেলে। পেটেল হৈছে গুজৰাটৰ ১৭তম মুখ্যমন্ত্ৰী। গুজৰাটী ভাষাতে শপত গ্ৰহণ কৰিলে পেটেলে ।

মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ আগতে ভূপেন্দ্ৰ পেটেলে থালাতেজত সাই বাবাৰ মন্দিৰ আৰু আদালাজৰ দাদা ভগৱান মন্দিৰ দৰ্শন কৰে। মন্দিৰ দৰ্শনৰ পিছতে পোনপটীয়াকৈ নিতিন পেটেলৰ ঘৰলৈ আশীৰ্বাদ বিচাৰি গৈছিল পেটেল। নিতিনৰ আশীৰ্বাদ লোৱাৰ পিছত জামনগৰৰ বানপীড়িত লোকসকলক সহায় কৰিবলৈ প্ৰথম টুইটটো টুইট কৰে পেটেলে। ক্ষতিগ্ৰস্ত লোকসকলক বিমানেৰে স্থানান্তৰ কৰাৰ নিৰ্দেশো ইতিমধ্যেই জাৰি কৰিছে পেটেলে।

দুপৰীয়া ২ বজাত ৰাজভৱনত শপত গ্ৰহণ কৰিছিল ভূপেন্দ্ৰ পেটেলে। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বাসবৰাজ বোম্মাই, গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্ত আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বিশেষ শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰে।

Leave a Comment