গুৱাহাটীত স্থাপন হ’ব মচলা পৰীক্ষাগাৰ।

গুৱাহাটীত স্থাপন কৰা হ’ব মচলা পৰীক্ষাগাৰ কেন্দ্ৰ।
অসম চৰকাৰে মচলাৰ উচ্চ পৰীক্ষাৰ বাবে গুৱাহাটীত পৰীক্ষাগাৰ স্থাপন কৰিব ।

পৰীক্ষাগাৰৰ বাবে ইতিমধ্যে ৰাজ্য চৰকাৰে ভূমি আৱণ্টন কৰাৰ সিদ্ধান্ত লৈছে।

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মচলা ব’ৰ্ডৰ সৈতে বৈঠকত মিলিত হৈ ৰাজ্যখনত মচলা খণ্ডৰ বাবে আন্তঃগাঁথনিগত আৰু উদ্যোগবিকাশৰ প্ৰয়োজনীয়তা সম্পৰ্কেও আলোচনা কৰে।

মছলাৰ গুণগত মানদণ্ডৰ পৰীক্ষাগাৰ স্থাপনৰ বাবে গুৱাহাটীত উপযুক্ত ভূমি আৱণ্টন কৰাৰ লগতে অসম চৰকাৰে অসমত সাম্ভাব্য মচলা ৰপ্তানিকৰ্তাসকলৰ বাবে এক সন্মিলনৰ আয়োজন কৰিব।

এই বৈঠকত উপস্থিত আছিল মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহা, কৃষি, উদ্যানশস্য মন্ত্ৰী অতুল বৰা, কৃষি সচিব বিনোদ চেশান, লগতে মচলা ব’ৰ্ডৰ কৰ্মকৰ্তা সকল ।

Leave a Comment