মানিমুনি শাকৰ ঔষধি গুণ

মানিমুনি এবিধ গুণশালী ঔষধি শাক তাক সকলোৱে জানে। ই শৰীৰৰ পৰিবৰ্ধক, বলকাৰক আৰু স্বেদজনক ।

মানিমুনি এবিধ লতাজাতীয় উদ্ভিদ। ইয়াৰ গাঁঠিয়ে গাঁঠিয়ে সৰু সৰু চুলিৰ নিচিনা শিপা ওলায় ৷ শিপাৰ সহায়ত লতাজোপাই মাটিত খামোচ মাৰি ধৰি থাকে। সেউজ বৰণৰ পাতৰ আকৃতি ঘূৰণীয়া বিচনিৰ দৰে নাইবা কিডনিৰ আকৃতিৰ ৷

মানিমুনি শাক সকলোৱে চিনি পায়। ই এবিধ প্ৰসিদ্ধ ঔষধি শাক। এইবিধ শাকক মানুহে মাজে মাজে আঞ্জা হিচাপেও ব্যৱহাৰ কৰে। মানিমুনি শাক দুবিধ আছে। এবিধ সৰু মানিমুনি আৰু আনবিধক ডাঙৰ মানিমুনি। ঔষধ হিচাবে সৰু মানিমুনি বিধ অধিক ব্যৱহাৰ হয় আৰু ইয়াৰ গুণাগুণো ডাঙৰ মানিমুনি বিধতকৈ বেছি।

লিভাৰৰ উপযোগী ৷ আভোক দূৰ কৰে ৷
চৰ্মৰোগ- চ’ৰিয়’চিচ, খৰ, খহু,খজুৱতি,এলাৰ্জি, লুপাচ আদিৰ চিকিৎসাত ৷

মহিলাৰ জৰায়ুৰ ঘাঁ, বগাস্ৰাৱৰ চিকিৎসাত ৷
মহিলাৰ গৰ্ভনিৰোধক,অনিয়মীয়া ঋতুস্ৰাৱৰ চিকিৎসাত ৷

বিভিন্ন কাৰণত আমাৰ শৰীৰৰ মৃত কোষৰ বাবে ছালখন শুকান হ’বলৈ ধৰে, মানিমুনি শাকৰ ৰসে মৰিবলৈ ধৰা কোষবোৰ পুনৰ গঠন কৰি ছালখন সজীৱ কৰি তোলে৷ মানিমুনি শাকে স্নায়ুতন্ত্ৰ সক্ৰিয় কৰি তোলাত সহায় কৰে৷ এইবিধ শাক খালে আমাৰ চুলি পকা, সৰা আদি বন্ধ হয়৷ দেহত কোনো পুৰণি ক্ষতস্থান থাকিলে ইয়াৰ ৰস ব্যৱহাৰ কৰিলে নিৰাময় পোৱা যায়৷ মানিমুনি ৰসে স্বাস্থ্য সতেজ কৰাৰ উপৰি আমাৰ যৌৱন ধৰি ৰখাতো সহায় কৰে ।

(Disclaimer: এই প্ৰবন্ধৰ তথ্য সাধাৰণ তথ্যৰ ওপৰত আধাৰিত। probhati.com য়ে ইয়াক নিশ্চিত নকৰে। এইবোৰ কাৰ্যকৰী কৰাৰ আগতে সংশ্লিষ্ট বিশেষজ্ঞৰ সৈতে যোগাযোগ কৰক।)

Leave a Comment