এৰাতিৰ বাবে অন্তর্ধান হোৱা এখন গাঁও ।

জেছলমেৰৰ পৰা প্রায় ১৫ কিঃ মিঃ পশ্চিমত অৱস্থিত এখন গাঁও হৈছে কুলধাৰা ।প্রচলিত লোককথা অনুসৰি এইখন গাঁৱত ৫০০ বছৰ পূর্বে প্রায় ১৫০০ লোকে বসবাস কৰিছিল৷ গাঁওখনৰ ধ্বংসাৱশেষে বহু বছৰৰ পৰাই বিশ্বৰ বিভিন্ন প্রান্তৰ পর্যটকক আকর্ষণ কৰি আহিছে৷ বিস্ময়কৰ কথা যে এৰাতি গাঁওখনৰ সকলো গাঁওবাসী অন্তর্ধান হৈ পৰে৷প্রচলিত কিংবদন্তি অনুসৰি ৫০০ বছৰ পূর্বে ৰাজস্থানৰ সেই সময়ৰ ৰজাজনে গাঁওখনৰ মুখিয়ালৰ কন্যাক দেখি মুগ্ধ হৈ পৰি কন্যাগৰাকীক বিয়া কৰাবলৈ মনস্থ কৰে৷

ৰজাজনে হেনো মুখিয়ালজনক বিবাহৰ বাবে এক সময়সীমা বান্ধি দিয়ে৷ সেই নির্দিষ্ট সময়ৰ ভিতৰত বিবাহ নহ’লে বলপূর্বকভাৱে কন্যাগৰাকীক লৈ যোৱাৰ ভাবুকি প্রদান কৰে৷ মুখিয়ালজনৰ সমস্যাৰ কথা বুজিব পাৰি গাঁওখনৰ বুঢ়া–মেথাসকলে এৰাতি গোপনে গাঁওখন পৰিত্যাগ কৰাৰ কথা চিন্তা কৰে৷
মূলতঃ সন্মান আৰু জীৱন ৰক্ষাৰ বাবেই গাঁওবাসীয়ে সেই সিদ্ধান্ত গ্রহণ কৰিছিল৷ পিছে পৰৱর্তী সময়ত গাঁওখন শাপগ্রস্ত বুলি জনাজাত হৈ পৰে আৰু কোনো লোকে কাহানিও কুলধাৰাত বসতি স্থাপন কৰিবলৈ সাহস কৰা নাছিল আৰু বর্তমানলৈ ই পৰিত্যক্ত অৱস্থাত আছে৷ পিছে কুলধাৰাৰ এই ৰহস্যময় কাহিনীৰ সত্যতা কিমান সেই সন্দর্ভত বিগত বহু বছৰৰ পৰা ইতিহাসবিদ আৰু নৃতত্ত্ববিদসকলে গৱেষণা চলাই আছে

Leave a Comment