ওজন কমোৱা মহৌষধ ভেগান ডায়েট কি?

বিশ্বৰ বিখ্যাত চেলিব্ৰিটীসকলৰ মাজত ভেগান ডায়েটৰ প্ৰৱণতা দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে। পশুকুলৰ প্ৰতি সহানুভূতি যদি ইয়াৰ এটা কাৰণ হয় আনটো কাৰণ হৈছে শাৰীৰিক।

সম্পূৰ্ণৰূপে পাচলিৰ খাদ্যৰ ওপৰত নিৰ্ভৰশীলতা হৈছে ভেগান আহাৰ। এই আহাৰত মাছ, মাংস, কণীৰ লগতে বহু সময়ত গাখীৰো ত্যেজ্য়।

চাওঁ আহক এই ভেগান আহাৰৰ গুণাগুণবোৰ কি।

ভেগান আহাৰত কেলৰিৰ পৰিমাণ অতি কম। লগতে, এই ধৰণৰ খাদ্যত আঁহ অধিক পৰিমাণে থাকে। সেয়েহে আমেৰিকান হাৰ্ট এছ’চিয়েচন আৰু আমেৰিকান ডায়েবেটিছ এছ’চিয়েচনৰ মতে, ওজন হ্ৰাস কৰাৰ বাবে ভেগান আহাৰ অপৰিহাৰ্য।

শৰীৰৰ পৰিচালনৰ বাবে ফাইবাৰ বা আঁহ অতি গুৰুত্বপূৰ্ণ। লগতে এই ভেগান আহাৰে টাইপ-২ ডায়বেটিছ আৰু তেজত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণ কৰিব পাৰে।

সমীক্ষাত কোৱা হৈছে যে ভেগান আহাৰে উচ্চ ৰক্তচাপ ৭৫ শতাংশলৈকে নিয়ন্ত্ৰণ কৰে আৰু হৃদৰোগৰ আশংকা ৪২ শতাংশলৈ হ্ৰাস কৰিব পাৰে।

ইয়াৰ উপৰি বৃক্কৰ কাৰ্যকৰিতা, আৰ্থ্ৰাইটিছ, কৰ্কট ৰোগ, আলঝেইমাৰ ৰোগৰ দৰে ৰোগ নিৰাময়ৰ ক্ষেত্ৰতো ভেগান আহাৰ অতিকৈ ফলদায়ক।

Leave a Comment