দুৰ্গা দেবী এইবাৰ কিহত আহিব? ফলাফল কি হব?

দুৰ্গা পূজাৰ আগে আগে প্ৰতিজন লোকৰ মনতে প্ৰশ্ন এটা থাকে এইবাৰ দেবীৰ আগমন কিহত আৰু গমন অৰ্থাৎ বিদায় কোন বাহনত?

২০২০ চনৰ পৰা গোটেই বিশ্ব কোৰণাৰ প্ৰকোপত জুৰুলা হৈ পৰিছে। বহুতেই হেৰুৱাইছে  নিজৰ পৰিয়ালৰ প্ৰিয়জনক। সেই বাবেই এই ৰোগ বিধস্ত পৃথিৱীত দেৱীৰ আগমনে কি বতৰা বহন কৰে সেয়া আগ্ৰহেৰে জানিবলৈ ৰৈ আছে বহুতে। পঞ্জিকাৰ মতে দেৱী দুৰ্গাৰ আগমন আৰু গমন কোন বাহনত হ’ব তাৰে ওপৰত বছৰটোৰ পৰিস্থিতি নিৰ্ভৰ কৰে।

কি আছে এই বছৰৰ পঞ্জিকাত চাওঁ আহক।

২০২১ চনৰ দুৰ্গা পূজা অক্টোবৰ মাহৰ ১২ তাৰিখৰ পৰা ১৫ তাৰিখলৈ হ’ব। পঞ্জিকা মতে দেৱীৰ এইবাৰ আগমন ঘোড়াত। ঘোড়া এনে বাহন যি যুদ্ধৰ সময়ত ব্যৱহাৰ হয়। সেই বাবেই পঞ্জিকাই কয়, ঘোড়াত আগমনৰ অৰ্থ ছত্ৰভংগ। অৰ্থাৎ উক্ত সময়ত যুদ্ধ, অশান্তি আদিৰ সম্ভৱনা প্ৰবল থাকে। মুঠৰ ওপৰত ঘোড়াত দেৱীৰ আগমনৰ বাৰ্তাই ইয়াৰ ফল যে ভাল নহয় সেয়াই সুচায়।

আনপিনে এইবাৰ দেৱীৰ গমন হ’ব দোলাত। পঞ্জিকাৰ মতে দেৱীৰ দোলাত গমনৰ ফল হ’ল মৰক অৰ্থাৎ মহামাৰি। এনেয়ে দেশত কোৰোণাৰ দ্বিতীয় ঢৌত বহু মানুহৰ ক্ষতি হৈছে আৰু বিভিন্ন সূত্ৰ মতে অক্টোবৰত তৃতীয় ঢৌৰ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাব তেনেক্ষেত্ৰত দেৱীৰ দোলাত গমন ফলৰ কথাকে ইংগিত কৰে নেকি বুলি বহুতেই প্ৰশ্ন উৎথাপন কৰিছে।

Leave a Comment