প্ৰকৃতি প্ৰেমৰ সুন্দৰ নিদৰ্শন।

থাইলেণ্ড ত দেখিবলৈ পোৱা গৈছে প্ৰকৃতি প্ৰেমৰ সুন্দৰ নিদৰ্শন । ক’ৰনা ভাইৰাছৰ সংকটকালত বন্ধ হৈ থকা কেব বাহনসমূহৰ চালত সৰু পাচলিৰ খেতি কৰি প্ৰকৃতিৰ প্ৰতি থকা প্ৰেমৰ সুন্দৰ নিদর্শন দাঙি ধৰিছে।

থাইলেণ্ডৰ টেক্সি ফ্লীটে “ৰুফটপ গাৰ্ডেন” শব্দটোক নতুন অৰ্থ প্ৰদান কৰিছে ।

টেক্সি চালকসকলে বিলাহী, তিয়ঁহ, বীনকে ধৰি বিভিন্ন ধৰণৰ শস্য বাহনৰ চালত ৰোপণ কৰিছে বাহন সমূহত। ক’ভিডৰ সংকটকালত বহুটো টেক্সিচালকৰ কৰ্মজীৱনৰ অন্ত পৰিছে, আৰু বহুটো চালক আৰ্থিকভাৱে জুৰুলা হৈ পৰাত তেওঁলোকৰ বাহনসমূহ সমৰ্পণ কৰি গ্ৰামাঞ্চলৰ ঘৰলৈ উভতি গৈছিল। আৰু ইয়াৰ পিছতে এতিয়া বাহন সমূহত বিভিন্ন শাক পাচলি খেতি কৰা দেখা গৈছে ।
টেক্সিৰ ওপৰভাগত কৰা বাগিচাবোৰে এক প্ৰতিবাদৰ ছবিত পৰিণত হৈছে। কিয়নো, থাইলেণ্ড বহু বছৰ ধৰি ৰাজনৈতিক অস্থিৰতাৰ মাজেৰে পাৰ হৈ গৈছে আৰু ২০১১ চনত এক বৃহৎ বানপানীৰ সন্মুখীন হ’বলগীয়া হৈছিল। কিন্তু দেশখনৰ ইতিহাসত ব্যৱসায় দিশটো কেতিয়াও ইমান ভয়ংকৰ দূৰ্যোগত পৰা নাছিল। সেয়েহে, কঠিন সময়ত টেক্সি চালকে জীৱন নিৰ্বাহ কৰাৰ এইটো একমাত্ৰ উপায়।

Leave a Comment