পাচলি বিক্ৰী কৰা কোন এইগৰাকী IAS বিষয়া?

উত্তৰ প্ৰদেশত পাচলি বিক্ৰী কৰিছে IAS বিষয়াই।

অখিলেশ মিশ্ৰা নামৰ IAS বিষয়াগৰাকীয়ে পাচলি বিক্ৰী কৰি থকা ফটো ভাইৰেল হৈ পৰিছে। এটা ফেচবুক পোষ্টত এই ফটোখন আপলোড কৰাৰ পিছতে ভাইৰেল হৈ পৰিছে। পিছে চাকৰি এৰি সঁচাকৈ পাচলি বেপাৰত ধৰিছে নেকি IAS বিষয়াই!

আচলতে এই ছবিখন ধেমালিতে তোলা এখন ছবি। প্ৰয়াগৰাজৰ পৰা লক্ষ্ণৌ গৈ থকা সময়ত বাটতে পাচলি কিনিবলৈ নামিছিল IAS বিষয়া অখিলেশ মিশ্ৰা। যিখন দোকানত পাচলি কিনিবলৈ ৰৈছিল দোকানখনত আছিল এগৰাকী আদবয়সীয়া বৃদ্ধা।

সেইসময়তে অলপ সময়ৰ বাবে  দোকানখন চাবলৈ অনুৰোধ কৰি বৃদ্ধাগৰাকীয়ে কিবা জৰুৰী কামত আঁতৰি যায়। সেইসময়তে জোতা খুলি দোকানত বহি গৈছিল IAS বিষয়া অখিলেশ মিশ্ৰা। তেতিয়াই লগৰ এজনে এই ফটোবোৰ তুলি ছচিয়েল মিডিয়াত দিছিল।

IAS বিষয়া অখিলেশ মিশ্ৰাই কয় যে ফটো তোলাৰ আঁৰত কোনো বেলেগ উদ্দেশ্য নাই। ইয়াৰ দ্বাৰা চৰকাৰৰ ভৱমূৰ্তি নষ্ট কৰাৰোঁ ইচ্ছা নাই। লগৰজনে ধেমালিতে ফটো তুলি তেওঁৰেই মোবাইলেৰে ফেচবুকত আপলোড কৰি দিছিল।

উল্লেখ্য যে সেই অলপ সময়তে কেইবাগৰাকীও গ্ৰাহকক পাচলিও বিক্ৰী কৰা বুলি মন্তব্য কৰে অখিলেশ মিশ্ৰাই। অখিলেশ মিশ্ৰা হৈছে উত্তৰ প্ৰদেশ চৰকাৰৰ পৰিবহণ বিভাগৰ বিশেষ সচিব।

Leave a Comment