ঐতিহাসিক সিদ্ধান্ত একেলগে তিনিগৰাকীকৈ মহিলা ন্যায়াধীশক নিযুক্তি

এক ঐতিহাসিক সিদ্ধান্তৰ সাক্ষী হ’ল ভাৰতীয় গণতন্ত্ৰ।

একেলগে তিনিগৰাকীকৈ মহিলা ন্যায়াধীশক নিযুক্তি দিয়া হ’ব দেশৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে ।

দেশৰ নগৰাকীকৈ ন্যায়াধীশৰ নাম কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে ৰাষ্ট্ৰপিতৰ বিবেচনাৰ বাবে প্ৰেৰণ কৰিছিল। আৰু উক্ত নগৰাকী ন্যায়াধীশৰ নাম উচ্চতম ন্যায়ালয়ৰ পৰৱৰ্তী ন্যায়াধীশ হিচাপে অনুমোদন কৰিছে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ।

এই নগৰাকী ন্যায়াধীশৰ ভিতৰত আছে তিনিগৰাকী মহিলা ন্যায়াধীশ

উল্লেখ্য যে , দেশৰ ইতিহাসত প্ৰথমবাৰৰ বাবে নগৰাকী আৰু একেলগে তিনিগৰাকী মহিলা ন্যায়াধীশক নিযুক্তি দিয়া হৈছে।

অনুমোদন কৰা এই তিনিগৰাকী মহিলা ন্যায়াধীশ হৈছে তেলংগানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হীমা কোহলী, কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ বি ভি নাগাৰত্ন, আৰু গুজৰাট উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ বেলা ত্ৰিবেদী।

আন ৬ গৰাকী ন্যায়াধীশৰ সৈতে অহা ৩১ আগষ্টত তেওঁলোকে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰিব।

Leave a Comment