দেশৰ প্ৰতিৰক্ষা বিভাগত নতুন সংযোজন ।

দেশৰ প্ৰতিৰক্ষা বিভাগত ঘটিছে নতুন সংযোজন। নতুন সংযোজনে এতিয়া টোপনি কাঢ়িছে শত্ৰু ৰাষ্ট্ৰৰ ।
আন্তৰ্জাতিক স্তৰত ভাৰতৰ প্ৰতিৰক্ষা বিভাগ তথা সেনাবাহিনীৰ স্থান যথেষ্ট উচ্চ মানদণ্ডৰ। কিন্তু ইয়াৰ মাজতে দেশৰ প্ৰতিৰক্ষা বিভাগত ঘটোৱা হৈছে নতুন সংযোজন। প্ৰতিৰক্ষা মন্ত্ৰালয়ে ভাৰতীয় সেনাৰ আৰ্মৰ্ড ব্ৰিগেডক আৰু অধিক শক্তিশালী তথা মাৰাত্মক কৰি তুলিবলৈ এই নতুন সংযোজন
১১৮ খন নতুন মুখ্য যুদ্ধ টেংক (এমবিটি) অৰ্জুন-মাৰ্ক১এ-ক ক্ৰয় কৰাৰ নিৰ্দেশ দিছে। আত্মনিৰ্ভৰ ভাৰত প্ৰজেক্টৰ অধীনত হব এই সংযোজন ।

প্ৰতিৰক্ষা মন্ত্ৰালয়ে তামিলনাডুৰ আৱাড়ীত ওএফবিৰ এইচএফএফ কাৰখানালৈ ৭৫.২৩ কোটি টকাৰ অৰ্ডাৰ দিছে।

এই নতুন টেংকবোৰ চলাচল কৰিবলৈ সহজ আৰু আনকি ৰাতিও গোলাবৰ্ষণ কৰিব পৰাকৈ সক্ষম। বহুতো সুবিধা আছে এই নতুন টেংকবোৰত । যাৰ বাবে মূৰৰ কামোৰণি হৈ পৰিছে শত্ৰু ৰাষ্ট্ৰৰ। বিভিন্ন সময়ত প্ৰতিৰক্ষা বিভাগত নতুন অস্ত্ৰ শাস্ত্ৰৰ যোগ দি থকা হৈছে শেহতীয়াকৈ ১১৮ খন নতুন মুখ্য যুদ্ধ টেংক (এমবিটি) অৰ্জুন-মাৰ্ক১এ-ক ক্ৰয় কৰাৰ নিৰ্দেশ দিয়া হৈছে ।

Leave a Comment