ভাৰতীয় বায়ু সেনাৰ আকাশ মিজাইলৰ এক নতুন সংস্কৰণ ‘আকাশ প্ৰাইম’ সফল পৰীক্ষা।

ভাৰতীয় বায়ু সেনাৰ আকাশ মিজাইলৰ সফল পৰীক্ষা সম্পন্ন ।

ভাৰতীয় বায়ু সেনাৰ আকাশ মিজাইলৰ এক নতুন সংস্কৰণ ‘আকাশ প্ৰাইম’ সোমবাৰে সন্ধইয়া প্ৰায় ৭.৩০ বজাত ওড়িশ্যাৰ চান্দীপুৰত টেষ্ট ৰেঞ্জত কৰা পৰীক্ষণত সফলতা লাভ কৰে সেনাই। প্ৰথমটো উৰণ পৰীক্ষণত মিজাইলটোৱে আকাশমাৰ্গতে নিজৰ লক্ষ্যক প্ৰথমে বাধা দিয়ে তাৰপাছত নষ্ট কৰিবলৈ সক্ষম হয়। ডিআৰডিঅ’ৰ বিজ্ঞপ্তিত উল্লেখ কৰা হয় যে- ‘আকাশ প্ৰাইমে আকাশত সঠিকভাৱে লক্ষ্য ভেদাৰ লগতে এই মিজাইলটোত আছে স্বদেশী সক্ৰিয় ৰেডিঅ’ ফ্ৰিকিউৱেন্সি ছীকৰ।’

ইফালে, ডিআৰডিৰ চেয়াৰমেন ড০ জী সতীশ ৰেড্ডীয়ে কয় যে- আকাশ প্ৰাইমে ভাৰতীয় সেনা আৰু বায়ু সেনাৰ আত্মবিশ্বাস বৃদ্ধি কৰিব। আৰু শত্ৰু সৈতে যুঁজ দিয়াত সহায় কৰিব উল্লেখ্য যে, ভাৰতীয় সেনা বাহিনীয়ে নিজৰ অস্ত্ৰ-মিজাইলসমূহৰ পৰীক্ষণৰ দ্বাৰা ক্ৰমাৎ সেনাৰ শক্তি বৃদ্ধি কৰি গৈ আছে। অস্ত্ৰৰ নতুন সংযোজনে শক্তিশালী কৰি তুলিছে ভাৰতক ভাৰতৰ সেনা বাহিনীৰ তাত আছে পৃথ্বী, অগ্নি, আকাশ, ব্ৰহ্মাছৰ দৰে বহু শক্তিশালী আৰু ভয়ংকৰ মিজাইল। আৰু এইসমূহ অস্ত্ৰৰ বাবে এতিয়া শক্তিশালী হৈ পৰিছে ভাৰত

Leave a Comment