বিয়াত বহিব নেকি বলীউডৰ অভিনেত্রী শ্ৰদ্ধা কাপুৰ

বৰ্তমান সময়ত ছচিয়েল মেডিয়াত বহু চৰ্চিত এটা বিষয় হৈছে অভিনেত্ৰী শ্ৰদ্ধা কাপুৰৰ বিয়াৰ কথা ।

বলীউডৰ অভিনেত্রী শ্ৰদ্ধা কাপুৰ আৰু চেলিব্ৰেটি ফটোগ্ৰাফাৰ ৰোহন শ্ৰেষ্ঠাৰ সম্পৰ্ক বৰ্তমান বলীউডৰ জগতখনত এক চৰ্চাৰ বিষয় হৈ পৰিছে। তেওঁলোকে কেতিয়াও যদিও আনুষ্ঠানিকভাৱে তেওঁলোকৰ সম্পৰ্কৰ কথা প্ৰকাশ কৰা নাই কিন্তু দুয়োৰে বিবাহপাশত আৱদ্ধ হোৱাৰ উৰাবাতৰি ওলাবলৈ আৰম্ভ কৰিছে।

শ্ৰদ্ধা কাপুৰক ৰোহনৰ সৈতে কেইবাবাৰো দেখা গৈছিল, আৰু সকলোৱে ভাবিছিল যে, দুয়োজনে সোনকালেই যুগ্ম জীৱনৰ পাতনি মেলিব পাৰে।

মালদ্বীপত শ্ৰদ্ধা কাপুৰৰ সম্পৰ্কীয় ভাতৃ প্ৰিয়ংক শৰ্মাৰ বিবাহৰ সময়ত শ্ৰদ্ধা কাপুৰ আৰু ৰোহনেৰ সৈতে সময় অতিবাহিত কৰা দেখা গৈছিল। দুয়োজন অতি ঘনিষ্ঠ হোৱাৰ ফটোও সামাজিক মাধ্যমত প্ৰকাশ পাইছিল যিবোৰ ফটো অতি কমসময়তে ভাইৰেল হৈ পৰিছিল।

আনহাতে, এই বিষয়ত প্ৰিয়ংক শৰ্মাই মতামত প্ৰকাশ কৰিছে । শ্ৰদ্ধা কাপুৰৰ বিয়াৰ বিষয়ে উল্লেখ কৰি কৈছিল যে, ‘মই এই সন্দৰ্ভত কোনো মন্তব্য প্ৰকাশ নকৰো, ভৱিষ্যতে কি হ’ব সেয়া সকলোৰে আগত স্পষ্ট হৈ পৰিব।”

Leave a Comment