খহি পৰিব নেকি মহাকাশ কেন্দ্ৰ !

বৈজ্ঞানিক পৰীক্ষাগাৰ হিচাপে পৰিচিত আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰটো বৃদ্ধ হৈ পৰিছে । শেহতীয়াকৈ ৰাছিয়াৰ মহাকাশ সংস্থা ‘ৰছকোছমছ’ ৰ এজন মহাকাশচাৰীয়ে প্ৰকাশ কৰিছে এই কথা।

২০২৫ চনলৈ এই ফাট সমূহ আৰু অধিক ডাঙৰ হব আৰু তাৰ পৰা খহি পৰা যন্ত্ৰাংশ সমূহ বিপদজনক হব বুলি সকিয়াই দিয়া হৈছে।

আচলতে কেন্দ্ৰটোত থকা যন্ত্ৰাংশ সমূহ ম্যাদ কেতিয়াবাই উকলি গৈছে সময়ৰ লগে লগে এই বিধ্বস্ত অংশ সমূহ টুকুৰা টুকুৰ হৈ খহি পৰাৰ সম্ভাৱনা আছে। বিগত মাহৰ ৩০জুলাইত মহাকাশ কেন্দ্ৰটোত এটা দুৰ্ঘটনা সংঘটিত হৈছিল । যিটো অতিকে বিপদজনক বুলি পৰিগণিত হৈছে।

তেতিয়াৰ পৰা আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰটো বিভিন্ন আহিলা আৰু যোগাযোগ ব্যৱস্থাৰ যন্ত্ৰাংশ সমূহ পুৰণি হৈ পৰিছে বুলি অনুমান কৰা হৈছে।

২০৩০ চনলৈ মাৰ্কিন মহাকাশ সংস্থা নাচাই মহাকাশ কেন্দ্ৰটো চলি থাকিব বুলি দাবী কৰিছে যদিও এইক্ষেত্ৰত ৰাছিয়াৰ সহযোগিতা লাগিব বুলি ঘোষণা কৰিছে ।

Leave a Comment