মুকলি হ’ল কাজিৰঙা জাতীয় অৰ্কিড উদ্যান

অজিৰে পৰা মুকলি হ’ল কাজিৰঙা জাতীয় অৰ্কিড উদ্যান ।

সুদীৰ্ঘ ৫ মাহৰ মূৰত পৰ্যটকৰ বাবে মুকলি হ’ল কাজিৰঙাৰ জাতীয় অৰ্কিড আৰু জৈৱ বৈচিত্ৰ উদ্যান। কোভিড-১৯ৰ সংক্ৰমণৰ বাবে বিগত ৫ মাহে বন্ধ আছিল উদ্যানখন।

ৰাজ্যত কোভিডৰ সংক্ৰমণ হ্ৰাস পোৱাৰ লগতে চৰকাৰে বিভিন্ন অনুষ্ঠান, প্ৰতিষ্ঠান, ব্যৱসায় বাণিজ্যকে ধৰি সকলো ক্ষেত্ৰৰ নীতি নিয়মত শিথিলতা প্ৰদান কৰা হৈছে ।

সেয়ে উদ্যান কৰ্তৃপক্ষই কোভিড প্ৰ’টকলৰ মাজৰে উদ্যানখন পৰ্যটকৰ বাবে ১ ছেপ্টেম্বৰৰ পৰা মুকলি কৰিছে।

উদ্যানখন পৰ্যটকৰ বাবে মুকলি কৰাৰ লগে লগে উদ্যানখনৰ লগত জড়িত হৈ থকা শতাধিক কৰ্মচাৰীয়ে সন্তুষ্টি প্ৰকাশ কৰিছে।কোৰোনাৰ সংক্ৰমণৰ বাবে উদ্যানখন বন্ধ হৈ পৰাত এই কৰ্মচাৰীসকলৰ সন্মুখীন হৈছিল বিভিন্ন অসুবিধাৰ। পুনৰ উদ্যানখন মুকলি হোৱাত কৰ্মচাৰীসকলৰ মুখত হাঁহি বিৰিঙি উঠিছে।

উদ্যানখন পুনৰ মুকলি হোৱা পিছতে উদ্যানখনলৈ স্থানীয় বহু লোকৰ আগমণ ঘটিছে। উদ্যানখনৰ কৰ্তৃপক্ষইয়ো উদ্যানখনলৈ পৰ্যটকসকলক আদৰণি জনাইছে। তেওঁলোকে আহ্বান জনাইছে জৈৱ বৈচিত্ৰৰ লগতে অসমৰ থলুৱা সংস্কৃতি উপভোগ আৰু থলুৱা খাদ্যৰ সুৱাদ লবলৈ উদ্যানখন আদৰণি জনাইছে ।

Leave a Comment