পুনৰ অনুশীলনত ব্যস্ত লাভলীনা

টকিঅ’ অলিম্পিক গেমছৰ ব্ৰঞ্জৰ পদক বিজয়ী অসম কন্যা লাভলীনা বৰগোঁহাইয়ে পুনৰ ব্যস্ত হৈ পৰিছে অনুশীলনত । ২০২০ টকিঅ’ অলিম্পিকত অংশগ্ৰহণ কৰি ব্ৰঞ্জৰ পদক আজুৰি আনিবলৈ সক্ষম হৈছিল গোলাঘাট জিলাৰ বৰপথাৰৰ বাৰমুখীয়া গাঁৱৰ লাভলীনাই এইবাৰ লাভলীনাৰ লক্ষ্য ২০২৪ চনৰ পেৰিছ অলিম্পিক গেমছ ।

সেইবাবে ৮ আগষ্টত টকিঅ’ অলিম্পিক শেষ হোৱাৰ পিছতেই ৯ আগষ্টত নতুন দিল্লী আৰু পৰৱৰ্তী সময়ত গুৱাহাটী লগতে জন্ম গাঁৱলৈ গৈ কেইদিনমান জিৰণি লোৱা পিছতে লাভলীনা বৰগোঁহাই এতিয়া আকৌ ব্যস্ত হৈ পৰিছে অনুশীলন।

সম্প্ৰতি বাংগালৰুত লাভলীনাই পুৱা যদি ব্যায়াম কৰিছে আকৌ গধূলি ৰিঙত নামি বক্সিং খেলিছে। মুঠৰ ওপৰত লাভলীনাৰ দুচকুত এতিয়া মাথো পেৰিছ অলিম্পিকৰ স্বৰ্ণপদকৰ সপোন।

Leave a Comment