বৃদ্ধি হ’ল ৰন্ধন গেছৰ মূল্য

পুনৰ বৃদ্ধি হল ৰন্ধন গেছৰ মূল্য ।

প্রতিটো ঘৰুৱা ৰন্ধন গেছৰ মূল্য ২৫ টকা বৃদ্ধি কৰা হৈছে৷ বিগত ১৬ আগষ্টত ২৫ টকা বৃদ্ধি কৰাৰ এমাহৰ পিছত পুনৰ প্রতিটো ঘৰুৱা ৰন্ধন গেছৰ ১৪.২ কিলোগ্রাম চিলিণ্ডাৰৰ মূল্য ২৫ টকা বৃদ্ধি কৰিলে ৰাজহুৱা খণ্ডৰ তেল কোম্পানীসমূহে৷

পেট্র’ল আৰু ডিজেলৰ মূল্য বৃদ্ধিক লৈ ত্রাহি মধুসূদন দেখা দেশবাসীৰ মূৰত ৰাজহুৱা খণ্ডৰ তেল কোম্পানীসমূহে ঘৰুৱা চিলিণ্ডাৰৰ মূল্য বৃদ্ধিৰে আন এক মাধমাৰ শোধাইছে৷

আজিৰে পৰা কার্যকৰী হোৱাকৈ প্রতিটো ঘৰুৱা চিলিণ্ডাৰৰ মূল্য ২৫ টকা বৃদ্ধি কৰাত প্রতিটো ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য গুৱাহাটীত ৯৩৩.৫০ টকালৈ বৃদ্ধি পালে৷ দেশৰ ৰাজধানী দিল্লীত প্রতিটো ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য ৮৮৪.৫০ টকা, কলকাতাত ৯১১ টকা মুম্বাইত ৮৮৪.৫০ টকা, উল্লেখ্য যে চলিত বর্ষৰ জানুৱাৰীৰ পৰা প্রতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য ৮ মাহৰ ভিতৰত ১৯০ টকাকৈ বৃদ্ধি পালে৷ গুৰুত্বপূর্ণ যে ৰন্ধন গেছত কেন্দ্রীয় চৰকাৰে সামান্য পৰিমাণে নির্বাচিত গ্রাহকক ৰাজসাহায্য প্রদান কৰি আহিছে৷ ৰাজহুৱা খণ্ডৰ কোম্পানীসমূহে প্রত্যেক মাহৰ আৰম্ভণি আৰু ১৫ তাৰিখত ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য পুনৰ নির্ধাৰণ কৰি আহিছে

Leave a Comment