ৰঙাগ্ৰহ মঙ্গলত শিলৰ অৱস্থিতি ।

ৰঙাগ্রহ মঙলত দুটাকৈ শিলৰ নমুনা সংগ্রহ কৰিবলৈ সক্ষম হৈছে। বাহৰ পাতি থকা নাছাৰ পার্ছেভাৰেঞ্চ ৰ’ভাৰে অৱশেষত পাইছে শিলৰ নমুনা ৷

বিগত কিছুদিন ধৰি শিলৰ নমুনা সংগ্রহত পার্ছেভাৰেঞ্চ ৰ’ভাৰ ব্যর্থ হৈছিল যদিও যোৱা ৬ ছেপ্ঢেম্বৰত প্রথমটো শিলৰ নমুনা সংগ্রহ কৰিবলৈ সক্ষম হৈছে । ইয়াৰ পিছতে ছেপ্ঢেম্বৰতো আন এটা শিলৰ টুকুৰা সংগ্রহ কৰে৷ ৬ ছেপ্টেম্বৰত সংগ্রহ কৰা শিলৰ নমুনাটোৰ নাম হৈছে ‘মণ্টডেনিয়াৰ’ আৰু ৮ ছেপ্টেম্বৰত সংগ্রহ কৰা দ্বিতীয়টো শিলৰ টুকুৰাৰ নাম ‘মণ্টাগনেক’ বুলি জানিব পৰা গৈছে৷

মঙ্গলত পোৱা শিলৰ নমুনাৰ বিতং অধ্যয়নৰ জৰিয়তে ৰঙাগ্রহ মঙলত জীৱৰ অস্বিত্বৰ সম্ভেদ লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে৷

মঙল অভিযানৰ প্রকল্প বিজ্ঞানী কেন ফার্লিয়ে প্রকাশ কৰা মতে, প্রথম শিলৰ নমুনাত জীৱৰ বসবাস কৰা পৰিৱেশৰ সম্ভাৱনা আছে বুলি জনাই ৷ দক্ষিণ কেলিফ’র্নিয়াৰ নাছাৰ জেট প্রপালছন লেবৰেটৰীৰ বিজ্ঞানীজনে শিলৰ নমুনাত দীর্ঘদিন ধৰি বিজ্ঞানীসকলে ধাৰণা কৰি অহা পানীৰ সম্ভেদো লাভ কৰাৰ সম্ভাৱনা আছে বুলি জানিবলৈ দিয়ে৷
আৰু প্রকাশ কৰা মতে, আগ্ণেয়গিৰি উদ্গীৰণৰ ফলত সৃষ্ট বোৱঁতী লাভাৰ পৰাই এই শিলৰ টুকুৰাকেইটাৰ সৃষ্টি হৈছে ।

Leave a Comment