একেলগে পঢ়িব নোৱাৰিব পুৰুষ মহিলা।

আফগানিস্তানৰ মহিলা-যুৱতীৰ বাবে তালিবানীৰ নতুন নিয়ম জাৰী।

শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত মহিলাৰ বাবে বান্ধি দিছে নতুন নিয়ম শাসক তালিবানীয়ে।

কিছুদিন পূৰ্বে আফগানিস্তানৰ মহিলাৰ অধিকাৰৰ ক্ষেত্ৰত বিশেষ অগ্ৰাধিকাৰ দিয়াৰ কথা কোৱা তালিবানীৰ মন এতিয়া সলনি হ’ল। শিক্ষাগ্ৰহণৰ ক্ষেত্ৰত মহিলাসকলে কোনো বাধা নোপোৱাৰ কথা ঘোষণা কৰিছিল কিন্তু ঘোষণাৰ পিছতেই তালিবানীৰ পুনৰ নতুন নিৰ্দেশনা।

নতুন নিৰ্দেশনা অনুসৰি শিক্ষানুষ্ঠানত একেলগে পঢ়িব নোৱাৰিব ল’ৰা-ছোৱালীয়ে।

মহিলা শিক্ষাৰ্থীৰ বাবে থাকিব লাগিব পৃথক শিক্ষক।
পুৰুষ শিক্ষকে পঢ়াব নোৱাৰিব ছোৱালীক।

আফগানী মহিলাক বিশ্ববিদ্যালয়ত পঢ়াৰ অনুমতি প্ৰদান কৰা হৈছে যদিও কিন্তু পুৰুষ-মহিলাই একেলগে পঢ়িব নোৱাৰিব বুলি ঘোষণা কৰে তালিবানী উচ্চ শিক্ষামন্ত্ৰীয়ে।

ছাৰিয়া নীতিৰ অধীনত থাকি মহিলাসকলে পুৰুষ বিহীন পৰিৱেশত থাকি শিক্ষাগ্ৰহণ কৰিব পাৰিব।

Leave a Comment