ভয়ংকৰ গুলীচালনাৰ ঘটনা, আহত ১২জন ।

ভয়ংকৰ গুলিচলনাৰ ঘটনাই কঁপাই গ’ল আমেৰিকা যুক্তৰাষ্ট্ৰ।

আমেৰিকা যুক্তৰাষ্ট্ৰত সংঘটিত হৈছে এক ভয়ংকৰ গুলীচালনাৰ ঘটনা। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইলিনয়ত সংঘটিত এই গুলীচালনাৰ ঘটনাত
বৰ্তমানলৈকে ১২জনকৈ লোক আহত হোৱাৰ খবৰ আহি পৰিছে ।

ইতিমধ্যে ৬ জন আহতক ছেইণ্ট লুইচ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বুলি জানিব পৰা গৈছে। গুলিচালনাত আহত বহুজনৰ অৱস্থা সংকটজনক বুলি কোৱা হৈছে যদিও বৰ্তমালৈকে কোনো লোকৰ মৃত্যুৰ বাতৰি অহা নাই। গুলিচালনাৰ লগে লগেই হুৱাদুৱা লগে লগে সমগ্ৰ অঞ্চলটোত । যিহেতু বহু লোক উপস্থিত আছিল অঞ্চলটোত। গুলিচালনা কৰি পলাই যায় অস্ত্ৰধাৰী দলটো।

জানিব পৰা মতে তিনিজন অস্ত্ৰধাৰী অচিনাক্ত ব্যক্তিয়ে এই গুলীচালনাৰ ঘটনা সংঘটিত কৰিছিল।
আৰু ইতিমধ্যে আৰক্ষীয়ে গুলীচালনা কৰা তিনিওজনৰে সন্ধান আৰম্ভ কৰিছে।

Leave a Comment