নন্দিতা শইকীয়াৰ হত্যাকাৰীক আৰক্ষীৰ এনকাউণ্টাৰ

আৰক্ষীৰ এনকাউণ্টাৰত আহত ধেমাজিৰ মৰিধল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়াৰ হত্যাকাৰী লম্পট ৰিন্টু শৰ্মা।

আৰক্ষীৰ পৰা অস্ত্ৰ কাঢ়ি পলায়নৰ চেষ্টা কৰিছিল ৰিন্টুৱে এই অভিযোগ অভিযোগ ধেমাজি আৰক্ষীৰ।

টুইটাৰযোগে এই কথা প্ৰকাশ কৰিছে অসম আৰক্ষীৰ আইন-শৃংখলা শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক জি পি সিঙে।

আৰক্ষীয়ে নিজকে ৰক্ষা কৰিবলৈ গুলী চলাবলৈ বাধ্য হোৱা বুলি টুইটত উল্লেখ কৰিছে সিঙে। ধেমাজিৰ ৰিন্টু শৰ্মা নামৰ এই নৰাধম যুৱকে দা-ৰে আক্ৰমণ কৰি নন্দিতা শইকীয়াক গুৰুতৰভাৱে আহত কৰাৰ পাছত কেইবাদিনো ধৰি হাস্পাতালত জীৱনৰে যুঁজি অৱশেষত নন্দিতাই প্ৰাণ হেৰুৱাবলগীয়া হয়।

নন্দিতাৰ ঘৰ ঢকুৱাখনাৰ নব কাঠবাৰীত আৰু তেওঁ ধেমাজিৰ মৰিধল কলেজৰ স্নাতক তৃতীয় ষাণ্মাসিকৰ ছাত্ৰী আছিল।

নন্দিতা শইকীয়াৰ নৃশংস হত্যাকাণ্ডই সমগ্ৰ ৰাজ্যকে জোকাৰি গৈছিল আৰু ৰাজ্যজুৰি হত্যাকাৰীৰ কঠোৰতম শাস্তিৰ দাবী উত্থাপিত হৈ আহিছে।

Leave a Comment