পূজাৰ সন্দৰ্ভত নতুন SOP !

সাৰদীয় উৎসৱ সমূহৰ প্ৰাক মূহুৰ্তত ৰাজ্য চৰকাৰৰ নতুন নিয়ম
দূৰ্গা পূজা, কালি পূজা, দিপাৱলী সমূহৰ বাবে নতুন নিয়ম-

পূজা কমিটিয়ে জিলা উপায়ুক্তৰ পৰা অনুমতি লব লাগিব।

কমিটিৰ আয়োজক সকলৰ কভিডৰ পৰীক্ষা আৰু ভেকচিন লোৱা কাগজ গাঠি দিব লাগিব ।

১২ সপ্তাহৰ পৰা ১৬ সপ্তাহৰ পাছৰ পৰাহে এপালি ভেকচিন লোৱা বুলি গন্য কৰা হব।

সকলোৰে দুৱাৰ মুখত ভেকচিনৰ ব্যৱস্থা কৰা হৈছে, গতিকে কোনেও এই ক্ষেত্ৰত কোনো আপোচ কৰিব নোৱাৰিব।

আবেদন কাৰি সকলে নিজৰ নিজৰ চাৰ্টিফিকেট গাঠি দিব লাগিব ।

আহল বহল পৰিবেশৰ মাজত পূজা মণ্ডপ স্থাপন কৰিব লাগিব।

ওলোৱা সোমোৱা পথ পৃথকে পৃথকে হ’ব লাগিব
সন্দেহ জনক বুলি কোনো লোক চিনাক্ত হলে উপায়ুক্তৰ নেতৃত্বত কভিড টেষ্টৰ ব্যৱস্থা কৰিব লাগিব ।

পূজা মণ্ডপত ৰাখিব লাগিব মাস্ক, চেনিটাইজাৰ।

মাস্ক পৰিধান নকৰা মানুহক প্ৰদান কৰিব লাগিব মাস্ক ।

১৮ বৰ্ষৰ উৰ্ধৰ লোকৰ বাবে উপৰোক্ত নিয়ম।

পূজাৰী আৰু পূজাৰ কামত লাগি থকা সকলে টেষ্ট কৰিব লাগিব।

পূজাৰ দশমী দিনাও আকৌ পুণৰ কভিড টেষ্ট কৰিব লাগিব ।

প্ৰসাদ বিতৰণ, অঞ্জলি প্ৰদানকে সকলো নিয়ম সুপৰিকল্পিত ভাৱে পৰিচালনা কৰিবলৈ আহ্বান  ।

Leave a Comment