লুইতৰ বুকুত জাহ গ’ল এটা কেঁচা সপোন

ভাদৰ ভৰুণ লুইত যেন ৰুষ্ট হ’ল। ৪ মাহ আগেয়ে মাজুলীত কৰ্ম সংস্থাপন হোৱা পৰিমিতা লুইতৰ আপোন হ’ল। মাতৃৰ পৰা বিদায় লৈ অকলেই যাত্ৰা কৰা পৰিমিতা দাস অকলেই গ’লগৈ কেতিয়াও ঘুৰি নহাৰ বাটেৰে।

মাজুলীৰ ৰঙাচাঁহি মহাবিদ্যালয়ৰ প্ৰৱক্তা পৰিমিতা দাস । গুৱাহাটীৰ কাহিলিপাৰাৰ মনোৰাম দাস আৰু সীমা ৰাণী দাসৰ কন্যা পৰিমিতা গুচি গ’ল কেতিয়াও ঘুৰি নহা বাটেৰে। নিজ চকুৰ আগতে পলকতেই হেৰাল প্ৰবক্তা জীয়াৰী। পৰীমিতাক নাওত উঠাই দি মাতৃয়ে বিদায় দিয়াৰ ক্ষণিক পিছতে ঘটে এই দুৰ্ঘটনা।এই বিদায় যে অন্তিম বিদায় হ’ব সেয়া কেতিয়াও ভবা নাছিল পৰীমিতাৰ মাতৃয়ে।জীয়াৰীক পানীৰ বটল দি পাৰলৈ অহা মাতৃয়ে হাত জোকাৰি জীয়াৰীক বিদায় দিয়াৰ পিছতে প্ৰচণ্ড খুন্দাৰ শব্দ শুনে পৰীমিতাৰ মাতৃয়ে। আৰু এনেদৰে অকণমান সময়ৰ পিছতে চকুৰ সন্মুখত পৰীমিতাক হেৰুৱাই মাতৃয়ে। আঠখেলীয়া নামঘৰলৈ জীয়াৰীৰ সৈতে গৈছিল তেওঁ। তাত থকা মাহীয়েকৰ ঘৰত নিশাটো কটোৱাৰ কথা আছিল যদিও পিছদিনা কলেজত ক্লাছ থকা বাবে পৰীমিতাই অকলে উভতি অহাৰ সিদ্ধান্ত লয়।

পুৰণিগুদাম বৰপানীগাঁও পাৰঘাটত মোমায়েকৰ ঘৰ পৰিমিতাৰ। চকুলোৰ নৈ বৈছে কলংপাৰৰ মোমায়েকৰ ঘৰখনত। সৰুৰে পৰা পঢ়া-শুনাত তীক্ষ্ণ পৰিমিতাৰ কথা কৈ শোকত ভাগি পৰিছে পৰিমিতা মোমায়েক দিব্যজ্যোতি ভূঁঞাৰ পৰিয়াল। পৰিমিতা এগৰাকী সুদক্ষা অভিনেত্ৰীয়ো আছিল।

কেইবছৰমান পূৰ্বে পুৰণিগুদামৰ পাৰঘাটত মঞ্চস্থ কৰা লক্ষীন্দ-বেউলা নামৰ এখন পাল্লা ভাওনাত সুনিপুণ অভিনয় কৰিছিল পৰিমিতায়ে।
শেষ হৈ গ’ল এক আশা। লুইতৰ বুকুত জাহ গ’ল অযুত সপোন।

Leave a Comment