মুকলি হ’ব কাজিৰঙা জাতীয় অৰ্কিড পাৰ্ক

ব্যস্ততা বাঢ়িচে কাজিৰঙা অৰ্কিড পাৰ্কৰ কৰ্মচাৰীৰ। ন সাজেৰে পৰ্যটকক আদৰিবলৈ সাজু কাজিৰঙা জাতীয় অৰ্কিড পাৰ্ক । কভিদে কোঙা কৰি পেলাইছে সমগ্ৰ ৰাজ্য। আংশিক লকডাউনত ৰাজ্যৰ পৰ্যটনৰ ক্ষেত্ৰটো পৰিছে প্ৰভাৱ ।

বিগত 8টা মাহে কভিডৰ বাবে বন্ধ হৈ আছিল অসমৰ অসমৰ একমাত্ৰ জৈৱ বৈচিত্ৰ উদ্যান খন । বৰ্তমান কভিড পৰিস্থিতি কিছু উন্নত হোৱাৰ বাবে পুনৰ দেশী বিদেশী পৰ্যটকক আদৰিবলৈ সাজু হৈছে উদ্যানৰ শতাধিক কৰ্মচাৰী।

১ছেপ্টেম্বৰ পৰা পুনৰ মুকলি হ’ব উদ্যানখন । পৰ্যটকৰ বাবে মুকলি কৰি দিব ।

প্ৰতি বছৰৰ দৰে এইবাৰো পৰ্যটকৰ আমোদৰ বাবে অৰ্কিড উদ্যানত থাকিব বিহু , মিচিং, কাৰ্বি, তিৱা, বড়ো আদি ১৪ টাকৈ জাতি জনগোষ্ঠীৰ নৃত্য গীতৰ বাৰেৱৰণিয়া সাংস্কৃতিক অনুষ্ঠান।

ভিন্ন ৰঙিন অৰ্কিডৰ প্ৰজাতিয়ে আকৰ্ষিত কৰিব পৰ্যটকক লগতে থাকিব থলুৱা খাদ্যৰ জুতি। পূৰ্ণ প্ৰস্তুতি চলিচে উদ্যান খনত আৰু এতিয়া দিনে নিশাই সাংস্কৃতিক অনুষ্ঠানৰ অখৰাত ব্যস্ত উদ্যানৰ প্ৰতিগৰাকী কৰ্মচাৰী ।

Leave a Comment