সুৰংগৰ মাজেৰে উৰুৱালে বিমান

এটা ভিদিঅ এতিয়া বহু চৰ্চিত হৈ পৰিছে।

ইটালীৰ পেছাদাৰী প্ৰতিযোগী তথা ষ্টান্ট পাইলট ডাৰিঅ কোষ্টাৰ গিনীজ ৰেকৰ্ড ।
সুৰংগৰ মাজেৰে বিমান উৰুৱাই বিশ্বক হতবাক কৰি তোলে তেওঁ।

তেনে এটা আচৰিত ভিডিঅ’ সামাজিক মাধ্যমত শ্বেয়াৰ কৰে এনাৰ্জি ড্ৰিংক কোম্পানী ৰেড বুলে। য’ত পাইলটজনে তেওঁৰ পৰিৱৰ্তিত জিভকো এজ ৫৪০ এৰোবেটিক মনোপ্লেন খন কেটালকা মেভকি সুৰংগৰ মাজেৰে উৰুৱাই নিয়ে। য’ত তেওঁ দেখা গৈছিল সুৰংগৰ এটা ফালৰ পৰা আনটো ফাললৈ উৰা মাৰি থকা ।

ইটালীৰ কোষ্টাই ২৪৫ কিলোমিটাৰ গড় গতিত দুটা সুৰংগৰ মাজেৰে দ্ৰুত গতিত গৈ গীনিজ বিশ্ব ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে । কোষ্টাই কয়, “সকলোবোৰ দ্ৰুতগতিত ঘটি থকা যেন লাগিছিল। যেতিয়া মই প্ৰথম সুৰংগৰ পৰা ওলাই আহিছিলো, তেতিয়া ক্ৰছৱিণ্ডৰ বাবে বিমানখন সোঁফালে যাবলৈ আৰম্ভ কৰিছিল আৰু মোৰ মগজুত সেই মুহূৰ্তত সকলোবোৰ ধীৰ হৈ গৈছিল। মই চিন্তা কৰিছিলো আৰু বিমানখন আনটো সুৰংগত প্ৰৱেশ কৰিবলৈ সঠিক পথত ঘূৰাই অনাত মনোনিৱেশ কৰিছিলো। তাৰ পিছত মোৰ মনত সকলো বোৰ পুনৰ দ্ৰুত গতিত আগবাঢ়ি গৈছিল।”

এতিয়া এইজন ব্যক্তি সকলোৰে মাজত চৰ্চিত হৈ পৰিছে ।

Leave a Comment