ব্ৰইলাৰ ফাৰ্ম খুলি স্বানিৰ্ভৰশীল এগৰাকী যুৱতী

সময়ত ৰাজ্যত নিবনুৱা সমস্যাই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে সেই সময়তে এগৰাকী যুৱতীয়ে নিবনুৱা যুৱক যুৱতীক দেখুৱাইছে স্বাৱলম্বিতাৰ সুন্দৰ পথ ।

নাম ববিতা শইকীয়া এগৰাকী উচ্চ শিক্ষিতা যুৱতীয়ে দেখুৱাইছে স্বাৱলম্বিতাৰ সুন্দৰ নিদৰ্শন।তিতাবৰ মহকুমাৰ ৰজাবাহৰ যুৱতী ববিতা শইকীয়াই ঘৰতে গঢ়ি তুলিছে বৃহৎ ব্রইলাৰ এখন ফাৰ্ম।
বৰ্তমান যুৱতীগৰাকীয়ে ফাৰ্ম খনত ১১০০ ৰ অধিক ব্রইলাৰ পোহপাল দিছে ।

প্ৰথম বিভাগত স্নাতকোত্তৰ উত্তীৰ্ণ ববিতাই বৰ্তমান ব্ৰইলাৰ পালনেৰে উপাৰ্জনৰ পথমুকলি কৰিছে
যুৱতী গৰাকীৰ এনে কৰ্মক সাহস হৈ থিয় দিছে পিতৃ মাতৃ।

ব্ৰইলাৰফাৰ্ম খনৰ পৰা বছৰি উপাৰ্জন কৰে দেৰ লাখৰো অধিক টকা। কৰনা মহামাৰীয়ে ৰাজ্যৰ অৰ্থনীতি কুঙা কৰা সময়তো আকাগ্রতা আৰু দৃঢ়তাৰে ববিতাই অব্যাহত ৰাখিছে স্বানিৰ্ভৰশীলৰ কৰ্ম।

উদ্যমী শিক্ষিতা এইগৰাকী যুৱতীয়ে কিন্তু আজিকোপতি লাভ কৰা নাই কোনো চৰকাৰী সুবিধা। তথাপিও হতাশ নহয় দৈনিক অধিক উৎসাহেৰে কৰি গৈছে কৰ্ম ।

Leave a Comment