কাৰাগাৰত অগ্নিকাণ্ড, মৃত্যু ৪১ জন কয়দী

ইণ্ডোনেছিয়াৰ কাৰাগাৰত সংঘটিত হৈছে ভায়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। অগ্নিকাণ্ডত ৪১জন কয়দীৰ কৰুণ মৃত্যু হৈছে। দেশৰ বাটেন প্ৰদেশৰ তাঞ্জেৰাং কাৰাগাৰৰ ব্লক চিত এই অগ্নিকাণ্ড সংঘটিত হয়।তথ্য প্ৰকাশ কৰিছে কাৰাগাৰৰ সংশ্লিষ্ট বিষয়াসকলে । ঘটনাত আন ৭২গৰাকী কয়দী আহত হয়।

সংবাদ সংস্থা ৰয়টাৰৰ মতে, মাজনিশা ১ বজাৰ পৰা ২ বজাৰ ভিতৰত এই অগ্নিকাণ্ড সংঘটিত হয়। বেছিভাগ বন্দী সেই সময়ত শুই আছিল। কৰ্তৃপক্ষই জনোৱা মতে, কয়দীৰ বেছিভাগ লোক ড্ৰাগৰ অপৰাধত জড়িত আছিল।

অগ্নিকাণ্ড কি কাৰণ সংঘাতিত হৈছে এতিয়াও জানিব পৰা হোৱা নাই। কৰ্তৃপক্ষই তেওঁলোকৰ অনুসন্ধান অব্যাহত ৰাখিছে। দুৰ্ঘটনাটো বৈদ্যুতিক ত্ৰুটিৰ ফলত হ’ব পাৰে বুলি সন্দেহ কৰা হৈছে। উল্লেখ্য, কাৰাগাৰত ৬০০জন কয়দীৰ বাবে ঠাই আছে যদিও ইয়াত ২,০০০তকৈও অধিক বন্দী আছে।

Leave a Comment