ৰজনীগন্ধা খোৱাসকলৰ বাবে বেয়া খবৰ

আপুনি ৰজনীগন্ধা খাই নেকি? ৰজনীগন্ধা এতিয়া হৈ পৰিছে বৰবিহ।ৰজনীগন্ধাত ধৰা পৰিছে মাৰাত্মক মেগনেছিয়াম কাৰ্বনেট ।

সুগন্ধি পাণ মচলাৰ নামত আপুনি চোবাইছে বিহৰ পেকেট ।

শেহতীয়া এটা পৰীক্ষাত ৰজনীগন্ধাত ধৰা পৰিছে বিষাক্ত দ্ৰব্য।

বাতিল কৰা হৈছে ৰজনীগন্ধা প্ৰস্তুত কৰা কোম্পানীৰ অনুজ্ঞাপত্ৰ ।

ৰজনীগন্ধা খোৱাসকলৰ বেয়া খবৰ।
ইমান দিনে ৰজনীগন্ধাৰ নামত আপুনি সেৱন কৰি আছিল ভয়াৱহ বৰবিহ
সুগন্ধি পাণ মচলাৰ নামত আপুনি বিহৰ পেকেট একোটাহে চোবাই আছে।
নিচাসক্ত কৰাৰ বাবে ৰজনীগন্ধাত মিহলোৱা হয় বিষাক্ত দ্ৰব্য৷

কলকাতাৰ নেচনেল ফুড লেবৰেটৰীত ৰজনীগন্ধাত মেগনেছিয়াম কাৰ্বনেটৰ উপস্থিতি ধৰা পৰে এই কথা৷

যদি আপুনি ৰজনীগন্ধা নামৰ পান মচলা খাইছিল তেনেহ’লে সেই ৰজনীগন্ধা প্ৰস্তুতৰ সময়ত দিয়া মাৰাত্মক মেগনেছিয়াম কাৰ্বনেট ভক্ষণ কৰিছিল।
গুৱাহাটীৰ বামুনীমৈদামত অৱস্থিত ধৰমপাল-সত্যপাল গ্ৰুপৰ কাৰখানাত প্ৰস্তুত হৈছিল এই ৰজনীগন্ধা৷

কিন্তু মান দিনে বৰবিহ খুৱাই থকা পুঁজিপতি ব্যৱসায়ী ডিএছ গ্ৰুপ বিৰুদ্ধে ৰাজ্য চৰকাৰে আজি পৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ।
ইতিমধ্যে ৰজনীগন্ধা প্ৰস্তুত কৰা কোম্পানীৰ অনুজ্ঞাপত্ৰ বাতিল কৰিছে চৰকাৰে।

Leave a Comment