ৰাণু মণ্ডলৰ জীৱন কাহিনীক লৈ নিৰ্মাণ হ’ব ছবি

আপোনালোকৰ নিশ্চয় মনত আছে ৰানু মণ্ডলৰ কথা। ষ্টেশ্যনৰ পৰা বলীউদলৈ এগৰাকী সাধাৰণ মহিলাৰ অসাধাৰণ যাত্ৰা আছিল এই ঘটনা।ৰানাঘাট ৰেল ষ্টেচনত গীত গাই নিশাৰ ভিতৰতে ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰা লতা মংগেশকাৰৰ দৰে কণ্ঠৰ ৰাণু মণ্ডল হৈ পৰিছিল এগৰাকী তাৰকা।

এইবাৰ এইগৰাকী ৰাণু মণ্ডলৰ জীৱন কাহিনী ৰূপালী পৰ্দাত দাঙি ধৰিবলৈ আগবাঢ়ি আহিছে এগৰাকী পৰিচালক তেওঁ হৈছে হৃষীকেশ মণ্ডল।
আৰু ছবিখনত ৰাণু মণ্ডলৰ ভূমিকাত অভিনয় কৰিব ‘চিক্ৰেট গেমছ’ ছিৰিজৰে পৰিচিত হৈ পৰা অভিনেত্ৰী ইশিকা দে’ই।

এক সপোনৰ দৰে কাহিনী ৰানাঘাটৰ ষ্টেশ্যনত বহি গান গাই জীৱন নিৰ্বাহ কৰা ৰামু মণ্ডলৰ বলীউদ যাত্ৰাৰ পৰিক্ৰমা। সংগীত পৰিচালক হিমেশ ৰেশমিয়াৰ সৈতে হিন্দী ছবিৰ বাবে প্লেবেক কণ্ঠশিল্পী হিচাপে ভূমুকিও মাৰিছিল ৰাণুৱে।

সকলোৱে ভাৱিছিল ৰাণু মণ্ডৰ ভাগ্যৰ দুৱাৰ খুলি গ’ল। তেওঁ আৰু ষ্টেশ্যনত বহি মানুহৰ ওচৰত হাত পাতিবলগীয়া নহ’ব। কিন্তু তাৰকা পৰিচিতি লাভৰ সমান্তৰালভাৱে বিড়ম্বনাৰ সন্মুখীনো হৈছিল ৰাণু।

হিমেশৰ সৈতে গোৱা ‘তেৰি মেৰি, মেৰি তেৰি’ গানটো ভাইৰেল হ’লেও ছচিয়েল মিডিয়াত কটাক্ষৰ চিকাৰ হৈছিল ৰাণু মণ্ডল।ছবিখনত ৰাণু মণ্ডলৰ ৰূপত দেখা যাব ইশিকাক। অহা নৱেম্বৰত ছবিখনৰ শ্বুটিং আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। ৰানু মণ্ডলৰ জীৱনক লৈ নিৰ্মাণ কৰিব লগীয়া ছবিখনৰ নাম হ’ব ‘মিছ ৰাণু মাৰিয়া’।

Leave a Comment