কাজিৰঙাৰ হাতীখুলি চাহ বাগিচাত গঁড়ৰ ৰুদ্ৰমূৰ্তি,

সোমবাৰে পুৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা এটা প্ৰকাণ্ড গঁড়ে আতংকৰ সৃষ্টি কৰে কাজিৰঙা হাতীখুলিৰ চাহ বাগিচা আৰু ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত। বৰ্তমানেও ৩০% অঞ্চল বানৰ কবলত থকা ৰাষ্ট্ৰীয় উদ্যানখনত তীব্ৰ খাদ্যৰ সংকটত ভুগিছে বন্য জীৱকূলে।

পুৱা খাদ্যৰ সন্ধানত ওলাই অহা গঁড়টোৱে ঘাইপথ অতিক্ৰম কৰি দক্ষিণৰ কাৰ্বি পাহাৰলৈ গতি কৰোতেই এখন ৱাগনাৰ বাহনক প্ৰচণ্ড খুন্দা মাৰে যদিও কোনোমতে প্ৰাণ ৰক্ষা কৰি পলাই যায় বাহনৰ আৰোহী।

ইয়াৰ পাছতে হাতীখুলিৰ চাহ বাগানৰ আৱাস গৃহৰ সীমাত প্ৰৱেশ কৰে গঁড়টোৱে। শূন্যলৈ কেইবাজাই গুলী ফুটাই গঁড়টোক খেদিবলৈ চেষ্টা কৰে যদিও বিফল হোৱাত  বন বিভাগৰ ২টা হাতীৰ সহায়ত বহু সময় চেষ্টা কৰি পুনৰ উদ্যানখনৰ ভিতৰলৈ গঁড়টো খেদি পঠাবলৈ সক্ষম হয় বন বিভাগে।

উল্লেখযোগ্য যে খাদ্যৰ সন্ধানত ওলাই অহা গড়টোৱে ৰুদ্ৰমূৰ্তি ধৰাত দাঁতিকাষৰীয়া অঞ্চলৰ বৰবিল, মিছিং গাঁও, ২নং শিলাডুবিৰ জনবসতিপূৰ্ণ অঞ্চলত প্ৰৱেশ কৰে। বাগিচা অঞ্চলত গঁড়টো প্ৰৱেশ কৰাত বাগিচাখনত দীৰ্ঘ সময় সময় ধৰি আতংকময় পৰিৱেশে বিৰাজ কৰে।

Leave a Comment