আইতাকৰ ঘৰত জন্মদিন পালন কৰা নহ’ল ৰিদিশাৰ

চিকিৎসকৰ ভুল চিকিৎসাৰ বাৱেই পুনৰ প্ৰাণ গ’ল এগৰাকী ৭ বছৰীয়া কণমানিৰ৷ চৰাইদেউ জিলাৰ সোণাৰিৰ সাপেখাতীত সংঘটিত হ’ল এই ঘটনাটো৷

নাজিৰাৰ গেলেকীৰ পংকজ দুৱৰা আৰু সুস্মিতা হাজৰিকা দুৱৰাৰ একমাত্ৰ কন্যা ৰিদিশা প্ৰিয়া দুৱৰাৰ জ্বৰ হোৱাত পৰিয়ালৰ লোকে সাপেখাতী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰে যদিও চিকিৎসকে কণমানিজনীৰ উন্নত চিকিৎসাৰ বাৱে সোণাৰিৰ ৰজাপুখুৰীতস্থিত মহকুমা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। কিন্তু ৰজাপুখুৰীত চিকিৎসক নাই বুলি কোনো লোকে কোৱাত সাপেখাতীত অবৈধভাৱে ঘৰ ভাড়া কৰি চিকিৎসা সেৱা আগৱঢ়াই থকা চিকিৎসক তথা শিৱসাগৰ ডিমৌৰ মহকুমা স্বাস্থ্য বিষয়া ডাঃ এছ উল্লাৰ ওচৰত কণমানিজনীক স্বাস্থ্য পৰীক্ষাৰ বাবে লৈ যায়৷

পৰিয়ালৰ লোকে সাপেখাতী চিকিৎসালয়ৰ নিদান পত্ৰ দেখুৱাই চিকিৎসকক একেটা বেজী নিদিবলৈ অনুৰোধ কৰাৰ পিছতো কণমানিজনীক একেটা বেজী প্ৰদান কৰাৰ পিছতেই চিকিৎসকগৰাকীয়ে কণমানিজনীক লৈ ঘৰলৈ লৈ যাবলৈ পৰামৰ্শ দিয়ে৷ কণমানিজনী সহ পৰিয়ালৰ লোকে কণমাণিজনীৰ আইতাক চাকৰি সূত্ৰে থকা অৰুণাচল প্ৰদেশৰ কানুবাৰীৰ বাসগৃহত উপস্থিত হোৱাৰ মাত্ৰ ১০-১৫ মিনিটৰ পাছতেই কৰুণ মৃত্যুক আকোঁৱালি লয় ৰিদিশাই৷

বিয়লিয়ে পৰিয়ালৰ লোকে মৃতদেহসহ চিকিৎসকৰগৰাকীৰ ৰোগী চোৱা কোঠাত প্ৰৱেশ কৰি চিকিৎসকগৰাকীক মৃত্যুৰ কাৰণ জানিব বিচৰাত চিকিৎসক গৰাকীয়ে তেওঁৰ চিকিৎসাৰ ফলত কণমানিজনীৰ মৃত্যু হোৱা নাই বুলি দাবী কৰে৷ ভুক্তভোগী পৰিয়ালটোৱে ন্যায় বিচাৰি চিকিৎসকগৰাকীৰ বিৰুদ্ধে সাপেখাতী আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ৷

Leave a Comment