অৱশেষত সন্তানৰ সুখৰ বাবে চৰম সিদ্ধান্ত ল’লে শিল্পা ছেট্টীয়ে

কিছুদিন পূৰ্বে পৰ্ণগ্ৰাফী নিৰ্মাণত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল ৰাজ কুন্দ্ৰা।

এই বিষয়টো ইমান বেছি আলোচনা নহ’ল হেতেন, যদি ৰাজ কুন্দ্ৰা শিল্পা ছেট্টীৰ স্বামী নহ’ল হেতেন।

এই কাণ্ডত এই পৰ্যন্ত শিল্পা ছেট্টী জড়িত থকাৰ কোনো প্ৰমাণ পোৱা নাই। ওলোটাই ৰাজ কুন্দ্ৰাৰ পত্নী হোৱাৰ বাবে শিল্পাৰ হাতৰ পৰা গৈছে বহু আগশাৰীৰ ব্ৰেণ্ডৰ বিজ্ঞাপন আৰু ৰিয়েলিটী শ্বৰ কাম।

বিপদৰ দিনত শিল্পা ছেট্টীৰ কাষত নাই কনো বলীউদৰো অভিনেত্ৰী-অভিনেতা। লোৱা নাই কোনোৱে এটা খবৰ। ফলত এতিয়া ভাগি পৰিছে শিল্পী ছেট্টী। আনকি ৰাজ কুন্দ্ৰাৰ সৈতে ভৱিষ্যতৰ কথা চিন্তা কৰি সম্পৰ্ক বিচ্ছেদ কৰাৰো চিন্তা-চৰ্চা কৰিছে বুলি জানিব পৰা গৈছে।

পৰিস্থিতি যিমানেই জটিল হৈছে, ৰাজৰো মুক্তি লাভৰ সম্ভাৱনা প্ৰায় ক্ষীণ হৈ আহিছে। শিল্পা অত্যন্ত বিচক্ষণ। গতিকে দেৰি নকৰি বিবাহ বিচ্ছেদৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সন্তানৰ ওপৰত যাতে কোনো ধৰণৰ কু-প্ৰভাৱ নপৰে, তাৰ বাবেই শিল্পাই এই সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আগবাঢ়িছে বুলি চৰ্চা চলিছে।

Leave a Comment