সিদ্ধাৰ্থৰ মৃত্যু হৃদৰোগৰ কাৰণে হোৱা নাছিল

অভিনেতা সিদ্ধাৰ্থ শুক্লাৰ বিগত ৫ দিন পূৰ্বে মৃত্যু হৈছে। অভিনেতা সিদ্ধাৰ্থ শুক্লাৰ মৃত্যুৱে কেৱল তেওঁৰ ঘনিষ্ঠ আৰু প্ৰিয়জনক বিচলিত কৰাই নহয়, সমগ্ৰ টেলিভিশন উদ্যোগটোকো হতবাক কৰি তুলিছে। অভিনেতাজনৰ অকাল মৃত্যুত বহুতো অনুৰাগী ভাগি পৰিছে। সিদ্ধাৰ্থৰ বন্ধুবৰ্গ আৰু প্ৰিয়জনে তেওঁৰ পৰিয়ালৰ বাবে নিৰন্তৰ প্ৰাৰ্থনা কৰি আছে। ইপিনে, সিদ্ধাৰ্থৰ মৃত্যুৰ কাৰণ সম্পৰ্কে তেওঁৰ পৰিয়াল আৰু আৰক্ষীৰ তৰফৰ পৰা কোনো বিবৃতি জাৰি কৰা হোৱা নাই।

সিদ্ধাৰ্থ শুক্লাৰ মৃত্যুৰ পিছত প্ৰাৰম্ভিক অনুসন্ধানৰ ওপৰত আধাৰিত কৰি, তেওঁৰ মৃত্যু হৃদৰোগৰ বাবে হোৱা বুলি জানিব পৰা গৈছিল। লগতে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন সংৰক্ষিত কৰি ৰখা হৈছিল। কিয়নো, আৰক্ষী আৰু ফৰেনচিক দলে এই বিষয়টোত কোনো অৱহেলা কৰিব নিবিচাৰে। সেয়েহে, ইয়াৰ পুংখানুপুংখ অনুসন্ধানৰ পিছতহে এক নিৰ্ণায়ক বিবৃতি জাৰী কৰা হ’ব বুলি আৰক্ষীৰ তৰফৰ পৰা জানিবলৈ দিয়ে।

আনহাতে, মডেল তথা বলীউডৰ নৃত্যশিল্পী ৰাখী সাৱন্তে শেহতীয়াকৈ এক ভিডিঅ’ প্ৰচাৰ কৰিছে। য’ত ৰাখী সাৱন্তে সিদ্ধাৰ্থ শুক্লাৰ মৃত্যুৰ বিষয়ে এটা ভিডিঅ’ প্ৰস্তুত কৰিছিল লগতে ৰাখীক সেই ভিডিঅ’টোত শিৰত সেন্দূৰ লগোৱা দেখা গৈছিল। ভিডিঅ’টোত ৰাখীয়ে কৈছিল, “বন্ধুসকল, মই এতিয়াও ঘৰত আছো, মই ক’তো ওলাই যাব পৰা নাই। সিদ্ধাৰ্থৰ মৃত্যুৱে মোক বাৰুকৈয়ে আচৰিত কৰি তুলিছে। কিন্তু বন্ধুসকল সিদ্ধাৰ্থৰ মৃত্যু হৃদৰোগৰ কাৰণে হোৱা নাছিল, কিন্তু তেওঁ কেনেকৈ প্ৰাণ হেৰুৱালে।”

“এই সন্দৰ্ভত মই বহুত চিন্তিত, কিয়নো সিদ্ধাৰ্থৰ বিএমডব্লিউ বাহনখনৰ কাঁচবোৰ ভাঙি আছিল। তেওঁৰ নিশ্চয় কাৰোবাৰ সৈতে মতানৈক্য হৈছিল। সিদ্ধাৰ্থে কৈছিল যে তেওঁ নিশা ৮ ৰ পৰা ৮:৩০ বজাৰ ভিতৰত কাৰোবাক চাবলৈ গৈছিল আৰু তাৰ পিছত ঘৰলৈ আহি ভালদৰে থাকিব পৰা নাছিল, তাৰ পিছত ৰাতি তিনি বজাত কিছু ঔষধ গ্ৰহণ কৰিছিল, কিন্তু সেই ঔষধটো কি আছিল, কোনেও নাজানে।”

Leave a Comment