অভিনেতা সিদ্ধাৰ্থ শুক্লা আৰু নাই জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ শুক্লাৰ মৃত্যু

খবৰ অনুসৰি আজি ৰাতিপুৱা হৃদৰোগত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰে অভিনেতা গৰাকীয়ে ।
মৃত্যুৰ সময়ত অভিনেতা গৰাকীৰ বয়স আছিল ৪০ বছৰ ।

মৃত্যুৰ সময়ত তেওঁৰ মাতৃ আৰু দুই ভগ্নীক ইহ সংসাৰত এৰি থৈ যায়।

ৰিয়েলিটি শ্ব’ বিগ বছ অ’টিটি আৰু ডান্স দিৱানে 3ত প্ৰেমিকা শ্বেহনাজ গিলৰ সৈতে উপস্থিত হৈছিল সিদ্ধাৰ্থ শুক্লা।

বিগ বছ 13-ৰ বিজয়ী সিদ্ধাৰ্থে হাম্পটি শৰ্মা কে দুলহানিয়াৰ দৰে চলচ্চিত্ৰতো দুৰ্দান্ত অভিনয় জনপ্ৰিয়তা অৰ্জন কৰিছিল। একতা কাপুৰৰ জনপ্ৰিয় অনুষ্ঠান ব্ৰোকেন বাট বিউটিফুল 3ত শেষ বাৰৰ বাবে দৰ্শকৰ সমুখলৈ আহিছিল শুক্লা।
লগতে বহুকেইখন ধাৰাবাহিকত অভিনয় কৰিছিল সিদ্ধাৰ্থে। তেঁওৰ অভিনয়ে সকলোকে আকৰ্ষিত কৰিছিল।

Leave a Comment