বিৰল মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ’ ব পৃথিৱীবাসী

এক বিৰল মহাজাগতিক পৰিঘটনাৰ সাক্ষী হবলৈ গৈ আছে পৃথিৱী। আপুনি মই সকলোৱে দেখা পাম এই পৰিঘটনা ।

আজি সমগ্ৰ পৃথিৱীবাসী সাক্ষী হৈ ৰৱ এক বিৰল মহাজগতিক পৰিঘটনাৰ। আজি আপুনি দেখিব বৃহস্পতি গ্ৰহ। আকাশমাৰ্গত আজি খালী চকুৰেই প্ৰত্যক্ষ কৰিব পাৰিব বৃহস্পতি গ্ৰহক আপুনি।

মাজনিশা চন্দ্ৰৰ নিচেই কাষ চাপিব বৃহস্পতি গ্ৰহ।
আৰু আপুনি চাব পাৰিব , যদিহে তেলিস্কোপ ব্যৱহাৰ কৰি চাই তেন্তে অধিক স্পষ্ট ৰূপত দেখা যাব বৃহস্পতিক গ্ৰহটো। ওৰে নিশা আকাশত দেখিবলৈ পাব গ্ৰহটো আকাশৰ উত্তৰ পূব দিশত চন্দ্ৰৰ নিচেই কাষতেই দেখা যাব বৃহস্পতি গ্ৰহক। মাজ নিশা যিকোনো সময়তে আপুনি চাব পাৰিব ।

উল্লেযোগ্য যে যোৱা শুকুৰবাৰে শনি গ্ৰহকো দেখা গৈছিল। আৰু চন্দ্ৰৰ নিচেই কাষ চাপি অহা দেখা গৈছিল। শনি আৰু বৃহস্পতি গ্ৰহৰ এনে অৱস্থানক ‘কনজাংছন’ বুলি জনা যায়।

Leave a Comment