চনু সুদৰ বিৰুদ্ধে ২০ কোটিৰ কৰ ফাঁকিৰ তথ্য লাভ

অভিনেতা সনু সুদৰ বাস গৃহত চলিছিল আয়কৰ বিভাগৰ অভিযান।

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে অভিনেতা সনু সুদক ব্ৰেণ্ড এম্বেছাদৰ হিচাপ নিযুক্তি দিয়াৰ এদিন পিছতে অভিনেতা গৰাকীৰ বাসগৃহ আৰু কাৰ্যালয়ত আয়কৰ বিভাগে চলাইছিল অভিযান। ব্ৰেণ্ড এম্বেছাদৰ হিচাপ নিযুক্তি দিয়াৰ পিছতে অভিনেতা জনৰ গৃহত অভিযান চলোৱা কায্যক বিভিন্ন জনে বিভিন্ন মন্তব্য কৰা দেখা গৈছে ।এইক্ষেত্ৰত দিল্লীৰ কেজৰিৱাল নেতৃত্বাধীন চৰকাৰৰ ব্ৰেণ্ড এম্বেছাদৰ নিয়োগ হোৱাৰ বাবেই কেন্দ্ৰৰ নিৰ্দেশত আয়কৰ বিভাগে অভিনেতা গৰাকীৰ বিৰুদ্ধে অভিযান চলোৱৰ অভিযোগ বিভিন্ন মহলত উত্থাপিত হৈছে। শেহতীয়াকৈ তিনি দিন ধৰি অভিনেতা ছনু সুদৰ মুম্বাইৰ বাসগৃহ আৰু তেওঁৰ কাৰ্যালয়ৰ কেইবাটাও স্থানত চলোৱা অভিযান চলোৱা হৈছিল ।আৰু এই অভিযানত প্ৰায় ২০ কোটিৰ কৰ ফাঁকিৰ তথ্য লাভৰ কথা এক বিবৃতিযোগে জনাইছে আয়কৰ বিভাগে।

তাৰোপৰি, আয়কৰ বিভাগৰ অভিযোগ অনুসৰি ছনু সুদে বিদেশী দাতাৰ পৰা ২.১ কোটি টকাৰ ধন সংগ্ৰহ কৰিছে, যিটো আইন বিৰুদ্ধ ।

অভিনেতা গৰাকীৰ বাসগৃহ, কাৰ্যালয়ত আয়কৰ বিভাগে তালাচী চলোৱাৰ লগতে তেওঁৰ সতীৰ্থসকলৰ বাসগৃহৰ চৌহদত চলা অভিযানৰ সময়তো কৰ ফাঁকি সম্পৰ্কীয় বহু আপত্তিজনক তথ্য লাভ কৰা বুলি বিভাগটোৰ বিবৃতিত প্ৰকাশ পাইছে।

Leave a Comment