মৃত্যু সন্মুখত দেখিও হাঁহি হাঁহি কৌতুক কৈ আছিল আফগান কমেডিয়ানে, তালিবানীয়ে প্ৰচণ্ড চৰ লগাই কাটি পেলালে ডিঙি

আফগানিস্তানৰ কৌতুক অভিনেতা নজৰ মহম্মদক তালিবানে দেশখন দখল কৰাৰ সময়তে হত্যা কৰিছিল।

মৃত্যুৰ পূৰ্বে নজৰ মহম্মদে তালিবানীৰ মাজতে কোৱা কৌতুকৰ ভিডিঅ’ এতিয়া ভাইৰেল হৈ পৰিছে। মৃত্যুৰ এঘণ্টা পূৰ্বেও তালিবানীক লৈ মস্কৰা কৰি গৈছিল নজৰ মহম্মদে । নজৰৰ মৃত্যুত সমগ্ৰ বিশ্ব ম্ৰিয়মান হৈ পৰিছে।

মৃত্যুৰ খবৰটো আহিছিল কেইবাদিনো আগতেই। কিন্তু মৃত্যুৰ সময়ৰ সেই মুহূৰ্তবোৰ কেনেকুৱা আছিল সেয়া পোহৰলৈ আহিছে অলপতেহে। নজৰ মহম্মদৰ মৃত্যু বিশ্বৰ বাবেই আছিল দুখজনক বাতৰি।

পৰিয়ালৰ দাবী তালিবানে হত্যা কৰিছে নজৰক। পোহৰলৈ আহিছে নজৰক মৃত্যুৰ পূৰ্বে তালিবানে অপহৰণ কৰি নিয়াৰ ভিডিঅ’।

পিছে তালিবানৰ ভয়ত জীৱনৰ হাঁহি হেৰুৱাই পেলোৱা নাছিল নজৰে। তালিবানে অপহৰণ কৰি নিয়া ভিডিঅ’ত দেখা গৈছে অপহৰণকাৰীৰ মাজতো কৌতুক কৈ আছিল নজৰ মহম্মদে।

এনে এটা কৌতুকৰ সময়তে কাষত থকা তালিবান কেডাৰ এজনে হাঁহি থকাও দেখা গৈছে। কিন্তু লগে লগে আন এজনে শোধাইছে প্ৰচণ্ড চৰ।

নজৰ মহম্মদৰ জীৱনৰ অন্তিমটো কৌতুক ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত দেখা গৈছে যে নজৰৰ হাত বন্ধা আছে আৰু তালিবান কেডাৰে তেওঁক ঘেৰি আছে। এনে সময়ত সাধাৰণ লোক ভয়ত বিতত হৈ পৰে। কিন্তু নজৰৰ দৰে লোকে মৃত্যুৰ সৈতে যাত্ৰা কৰি থকাৰ এনে সময়তো কৌতুক শুনাব পাৰে। নজৰ মহম্মদৰ এই জীৱন পীপাসা দেখি অন্তৰ উঠলি উঠিছে বিশ্ববাসীৰ।

অপহৰণ কৰি নি তালিবানীয়ে নজৰক এজোপা গছত দুহাত বান্ধি ওলোমাই ৰখা বুলি জানিব পৰা গৈছিল আৰু কিছুসময় পিছত নজৰৰ নিথৰ দেহৰ ছবি প্ৰকাশ কৰিছিল তালিবানীয়ে। গছত বান্ধি তালিবানীয়ে নজৰৰ ডিঙি ৰেপী হত্যা কৰিছিল।
নজৰ মহম্মদে আফগান আৰক্ষীত কাম কৰিছিল আৰু কৌতুক অভিনেতাৰূপেও পৰিচিত আছিল। নজৰে বহু ভিডিঅ’ত তালিবানৰো কৌতুক কৰিছিল আৰু তাৰেই শাস্তি হিচাবে অতি ক্ৰূৰতাৰ সৈতে নজৰক হত্যা কৰিছিল তালিবানে।

নজৰ মহম্মদৰ সেই নিৰ্ভীক দুচকু আৰু তালিবানৰ নিষ্ঠুৰ শাস্তিৰ খবৰে বিশ্ববাসীক শোকাহত কৰি তুলিছে।

Leave a Comment