মিত্রতা হব নেকি তালিবান আৰু নৰ্দাৰ্ণ এলায়েন্সৰ মাজত

তালিবান বাহিনীয়ে পঞ্জশিৰ উপত্যকা আৰু চুবুৰীয়া আন্দাৰাবৰ পৰা স্থানান্তৰিত হ’ব লাগিব তেতিয়াহে শান্তি আলোচনা সম্ভৱ।এই বাৰ্তা প্ৰদান দিলে পঞ্জশিৰ উপত্যকাৰ অন্যতম নেতা আহমেদ মাছুদে।

১৫ আগষ্টত তালিবানে কাবুল দখল কৰাৰ পিছৰে পৰা ‘লায়ন কিউব’ মাছুদ বাহিনীয়ে এতিয়াও আফগানিস্তানৰ উত্তৰৰ পঞ্জশিৰ উপত্যকাক তালিবান-মুক্ত কৰি ৰখাত সফল হৈছে। তেওঁ এক শক্তিশালী প্ৰতিৰোধ গঢ়ি তুলিবলৈ ঘানি চৰকাৰৰ উপ-ৰাষ্ট্ৰপতি আমৰুল্লাহ চালেহৰ সৈতে হাত মিলাইছিল।

তালিবানেও পঞ্জশিৰক হস্তগত কৰিবলৈ নিৰন্তৰ আক্ৰমণ কৰি আছে। যোৱা কেইসপ্তাহমান ধৰি যুঁজ দিয়াৰ পিছত, তালিবানে পঞ্জশিৰৰ কেইবাখনো গুৰুত্বপূৰ্ণ জিলা দখল কৰা বুলি দাবী কৰে।

ইয়াৰ আহমেদ মাছুদে এক বিবৃতি জাৰি কৰি কয়,”মিত্ৰজোঁটৰ ধৰ্ম আৰু নৈতিকতা অনুসৰি তালিবানৰ সৈতে শান্তি আলোচনাৰ বাবে আমি সাজু। যদি তালিবানে নতুন চৰকাৰৰ সকলো শ্ৰেণীৰ প্ৰতিনিধিক স্থান দিয়ে, আমি ইয়াত যোগদান কৰিবলৈ সাজু।”

Leave a Comment