মাসুদ-বাহিনীৰ হাতত ৰুদ্ধ তালিবানৰ বিজয়ৰ গতি

তালিবানৰ ওচৰত বিনা যুদ্ধই আফগান সেনাৰ আত্মসমৰ্পনৰ বাবে বিশ্ব জুৰি চলিছে চৰ্চা।

শেহতীয়াকৈ আফগানিস্তানৰ ৰাজধানী কাবুল পৰ্যন্ত দখল কৰা তালিবান এতিয়া অসহায় হৈ পৰিছে পাঞ্জশিৰ উপত্যকাত অভেদ্য দূৰ্গ পঞ্জাশিৰ দখলত তালিবান ব্যৰ্থ সমগ্ৰ আফগানিস্তানত পঞ্জাশিৰ এনে একমাত্ৰ উপত্যকা য’ত ২০ বছৰ পূৰ্বেও তালিবানে দখলৰ চেষ্টা কৰিছিল কিন্তু ৰাজত্ব কৰিবলৈ সক্ষম হোৱা নাছিল আৰু বৰ্তমানেও সক্ষম হোৱা নাই।

কিন্তু বৰ্তমানৰ যি পৰিস্থিতি বৰ্তমানৰ শক্তিৰ প্ৰতি লক্ষ্য কৰি বিশেষজ্ঞ সকলে দাবী কৰিছে যে পঞ্জাশিৰ উপত্যকাৰ প্ৰতিৰোধ কৰাটো বৰ সহজ নহব ।

কিয়নো পঞ্জাশিৰত আছে এক সিংহ মাসুদ-বাহিনীৰ হাতত ৰুদ্ধ তালিবানৰ বিজয়ৰ গতি পঞ্জশিৰৰ সিংহ হিচাপে পৰিচিত আহমেদ শাহ মাসুদৰ পুত্ৰ তথা লন্ডনৰ কিংস কলেজৰ প্রাক্তন ছাত্ৰ আহমেদ মাসুদ। আহমেদ মাসুদ ৰ নেতৃত্বত, আফগানিস্তানৰ নেচনেল ৰেজিষ্টেন্স ফ্ৰণ্টে তালিবানৰ বিৰুদ্ধে শক্তিশালী প্ৰতিৰোধ গঢ়ি তুলিছে। আফগান সেনাৰ এটা অংশই মাছুদ-বাহিনীৰ সৈতে তালিবান বিৰোধী যুঁজত পোনপটীয়াকৈ অংশগ্ৰহণ কৰিছে। মাছুদে দাবী কৰিছে যে আফগানিস্তানত তালিবান বিৰোধী প্ৰতিৰোধ ক্ৰমান্বয়ে শক্তিশালী হৈ আহিছে। তেওঁৰ কথাত, যদি তালিবান-ৰাজক আফগানিস্তানৰ পৰা উঠাই লোৱা নহয় তেন্তে ৯/১১ ৰ পুনৰাবৃত্তি হ’ব পাৰে
আৰু এইবাৰ ইংলেণ্ড এটা উগ্ৰপন্থী আক্ৰমণৰ লক্ষ্য হ’ব পাৰে।

যি খন দেশত পাঞ্জশিৰৰ সিংহ-পোৱালীয়ে দীঘলীয়া সময় অতিবাহিত কৰিছিল। গতিকে মাছুদৰ বাহিনীয়ে তালিবান বিৰোধী যুদ্ধত কঠোৰ যুঁজ দি আছে।

পাঞ্জশিৰ কাবুলৰ পৰা ১২৫ কিলোমিটাৰ দূৰত হিন্দুকুশ পাহাৰৰ কোলাত থকা এটা উপত্যকা। ছোভিয়েট আক্ৰমণৰ পৰা তালিবানলৈকে- কোনো শক্তিয়ে পাঞ্জশিৰক পৰাজিত কৰিব নোৱাৰিলে। আহমেদ মাছুদে এতিয়া সেই দূৰৱৰ্তী উপত্যকাত তালিবান বিৰোধী বাহিনীৰ সৈতে আগবাঢ়ি আছে। তেওঁৰ সৈতে আছে বহিষ্কৃত আফগান উপ ৰাষ্ট্ৰপতি আমৰুল্লাহ চালেহ ওলায় এখন ৰক্তক্ষয়ী যুঁজ চলি আছে ।

ব্ৰিটিছ সংবাদ মাধ্যমই দাবী কৰিছে যে মাছুদৰ আফগানিস্তানৰ নেচনেল ৰেজিষ্টেন্স ফ্ৰণ্টৰ সৈতে হোৱা যুঁজত ইতিমধ্যে শ শ তালিবানৰ মৃত্যু হৈছে। মাছুদে কৈছিল যে তেওঁ শেষ টোপাল তেজৰ সৈতে তালিবানৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখিব ইংলেণ্ডত উচ্চ শিক্ষাঅধ্যয়ন কৰা মাছুদে অনুভৱ কৰে যে তালিবান কেৱল আফগানিস্তানৰ বাবেই নহয়, বিশ্ব শান্তিৰ বাবেও বিপদজনক আৰু এই যাত্ৰাত ইংলেণ্ড উগ্ৰপন্থীৰ লক্ষ্য হ’ব পাৰে।

যি খন দেশত তেওঁ নিজৰ জীৱনৰ বহুখিনি সময় অতিবাহিত কৰিছিল। সেয়েহে, তেওঁৰ জীৱনৰ বিপদাশংকাত, মাছুদে তালিবানক বাধা দিবলৈ যুঁজ দি আছে ।

Leave a Comment