তালিবানে হত্যা কৰিলে ৰোহুল্লাহ আজিজীক

উপ ৰাষ্ট্ৰপতি আমৰুল্লাহ চালেহৰ ভাতৃ ৰোহুল্লাহ আজিজীক হত্যা কৰিলে তালিবানে
পঞ্জশিৰত পলাই আছিল বিদ্ৰোহী গৰাকী ।

আন্তৰ্জাতিক সংবাদ সংস্থাৰ বাতৰিত প্ৰকাশ পাইছে এই খৱৰ।বাতৰি অনুসৰি, নিহত আজিজীৰ আত্মীয় এবাদুল্লাহ চালেহে জানিবলৈ দিয়ে যে কাবুলৰ পতনৰ পাছত পঞ্জশিৰ উপত্যকাত তালিবান বিৰোধী যুদ্ধৰ অন্যতম নেতৃত্বত আছিল আমৰুল্লাহ চালেহ।
এবাদুল্লাহে জানিবলৈ দিয়া মতে তালিবানে ৰোহুল্লাহ আজিজীক মৃত্যুদণ্ড দিছে।

জেহাদীসকলে আহমেদ মাছুদৰ এটা অস্ত্ৰাগাৰো দখল কৰা বুলি দাবী কৰে। বৃহস্পতিবাৰে তেওঁক হত্যা কৰা হয় আৰু তেওঁলোকে মৃতদেহটো আত্মীয়ক কবৰ দিবলৈকো দিয়া নহল।

আনহাতে, তালিবানে দাবী কৰিছে যে পঞ্জশিৰত যুদ্ধৰ সময়ত ৰোহুল্লাহ আজিজী চালেহ নিহত হৈছে। বৃহস্পতিবাৰে নিশা চালেহ আৰু তালিবান যোদ্ধাৰ মাজত হোৱা তুমুল সংঘৰ্ষৰ সময়ত তালিবান যোদ্ধা আমৰুল্লাহ চালেহৰ গোপন ঘাটিৰ লাইব্ৰেৰীলৈকে সোমাই যায়। তাতেই ৰোহুল্লাহ চালেহ নিহত হৈছে।
প্ৰায় এমাহজোৰা যুদ্ধৰ অন্তত যোৱা ৬ ছেপ্টেম্বৰত তালিবানে পঞ্জশিৰ দখল কৰাৰ কথা ঘোষণা কৰিছিল। পঞ্জশিৰ প্ৰতিৰোধ বাহিনীৰ নেতা আহমেদ মাছুদৰ বাসগৃহও দখল কৰি লোৱাৰ দাবী কৰিছিল তালিবানসকলে। আনকি ছচিয়েল মিডিয়াত সেই ছবিও ভাইৰেল হৈ পৰিছিল।

Leave a Comment