ভাৰতৰ সৈতে সু সম্পৰ্ক অব্যাহত ৰাখিব বিচাৰে তালিবানে

ভাৰতৰ সৈতে বাণিজ্যিক ,ৰাজনৈতিক, সাংস্কৃতিক সম্পৰ্ক অব্যাহত ৰাখিব তালিবানে। তালিবানৰ শীৰ্ষ নেতা শ্বেৰ মহম্মদ আব্বাছ ষ্টেনেকজাই এই কথা সদৰী কৰিছে এই কথা। উপ মহাদেশখনৰ বাবে ভাৰত অতি গুৰুত্বপূৰ্ণ।

তালিবানৰ ছচিয়েল মিডিয়া প্লেটফৰ্মত প’ষ্ট কৰা এটা ভিডিঅ’ত প্ৰথমবাৰৰ বাবে এগৰাকী তালিবানৰ শীৰ্ষ নেতাই এইদৰে ভাৰত সম্পৰ্কত তেওঁলোকৰ স্থিতি সদৰী কৰিছে।

গুৰুত্বপূৰ্ণ দেশসমূহৰ সৈতে সম্পৰ্কৰ বিষয়ে বিশদভাৱে প্ৰকাশ কৰিছে।

তালিবান নেতা ষ্টেনেকজাই পাস্তো ভাষাত আফগানিস্তানত যুদ্ধৰ অন্ত পৰা, শ্বৰিয়ত আইনৰ ভিত্তিত আফগানিস্তানত ইছলামিক প্ৰশাসন গঢ়ি তোলা, ভাৰত, চীন, পাকিস্তান আৰু ৰাছিয়াৰ দৰে আঞ্চলিক দিশত ভিডিঅ’টোত,’’উপ মহাদেশখনৰ বাবে ভাৰত অতি গুৰুত্বপূৰ্ণ। পূৰ্বৰ দৰেই আমি ৰাজনৈতিক, অৰ্থনৈতিক তথা সাংস্কৃতিক সম্পৰ্ক অব্যাহত ৰাখিব বিচাৰো বুলি কয় লগতে নেতাগৰাকীয়ে কয়,

পাকিস্তানৰ জৰিয়তে ভাৰতৰ সৈতে চলা বাণিজ্য আমাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। আকাশী পথেৰে বাণিজ্য কৰিডৰ মুকলি থাকিব।

ভাৰতৰ সৈতে অৱশ্যে নেতাগৰাকীয়ে পাকিস্তানৰ জৰিয়তে দ্বৈত বাণিজ্য চলিব নে নাই সেয়া বৰ্তমানেও স্পষ্ট কৰা নাই। এনেয়েও পাকিস্তানৰ ভূখণ্ড ব্যৱহাৰ কৰি ভাৰতলৈ সামগ্ৰী পঠিওৱাৰ বাবে আফগান ব্যৱসায়ীসকলক ইছলামাবাদে অনুমতি পত্ৰ দিছে যদিও পাকিস্তানৰ জৰিয়তে ভাৰতৰ সামগ্ৰী আফগানিস্তানলৈ নিয়াৰ অনুমতি দিয়া হোৱা নাই।

Leave a Comment