অভিনেতা চনু ছুডৰ বাসগৃহত আয়কৰ বিভাগৰ অভিযান

বলিউডৰ জনপ্ৰিয় অভিনেতা চনু ছুডৰ বাসগৃহত আয়কৰ বিভাগৰ অভিযান ।
বলিউডৰ জনপ্ৰিয় অভিনেতা চনু ছুডৰ বাসগৃহত বুধবাৰে ২০ ঘন্টা অভিযান চলাই আয়কৰ বিভাগে । ইয়াৰ পাছত বৃহস্পতিবাৰে পুৱা পুনৰ তেওঁৰ বাসগৃহত উপস্থিত হয় আয়কৰ বিভাগৰ এটা দল।

বুধবাৰে অভিনেতা গৰাকীৰ বাসগৃহৰ লগতে কাৰ্যালয় আৰু বহু স্থানত অভিযান চলাইছিল আয়কৰ বিভাগে। এই অভিযানক লৈ বিভিন্ন প্ৰশ্নও উত্থাপিত হৈছে।

কভিদৰ সময়ত দৰিদ্ৰ জনতাৰ কাষত থিয় দিছিল অভিনেতা জনে। বহু দৰিদ্ৰ লোকক খাদ্য সামগ্ৰী দি সহায় কৰিছিল তেওঁ

উল্লেখ্য যে, শেহতীয়াকৈ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক সাক্ষাৎ কৰিছিল চনু ছুডে। কোৰোনা কালত অসুবিধাত থকা বহু লোকক খাদ্য যোগান ধৰা, ঘৰলৈ পঠিওৱা, গাড়ী যোগান ধৰাৰ লগতে ধন দিওঁ সহায় কৰিছিল অভিনেতা গৰাকীয়ে। কিন্তু বুধবাৰে হঠাৎ তেওঁৰ ঘৰত অভিযান চলোৱাৰ পাছতে আচৰিত হৈ পৰিছে অভিনেতাগৰাকীৰ গুণমুগ্ধসকল।

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে টইটাৰযোগে প্ৰতিক্ৰিয়া ব্যক্ত কৰি লিখিছে- সত্যৰ পথত বহু সমস্যাৰ সন্মুখীন হ’ব লগা হয়। কিন্তু জয় সদায় সত্যৰে হয়। চনু ছুডৰ সৈতে ভাৰতৰ লাখ লাখ পৰিয়ালৰ প্ৰাৰ্থনা আছে। যিসকল লোকে বিপদত পৰোতে চনু ছুডৰ পৰা সহায় লাভ কৰিছিল।

Leave a Comment