ভয়ংকৰ অগ্নিকাণ্ড

মহানগৰী নুনমাটিত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। নুনমাটি বাছষ্টেণ্ডৰ সমীপৰ এখন চাহৰ দোকানত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা।

দাও দাও কৈ জ্বলিল চাহৰ দোকানখন ।
কেমেৰাত বন্দী হল জুই লাগি থকাৰ সম্পূৰ্ণ দৃশ্য।
অগ্নিকাণ্ডৰৰ ফলত দোকানখন সম্পূৰ্ণ ৰূপে জুইত জাহ যায়।

স্থানীয় লোকৰ তৎপৰতাত ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ কেইবাঘণ্টাৰ অন্তত জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয়।জুই লগাৰ ঘটনাৰ সময়তে দোকানখনৰ গৰাকীয়ে লগে লগে পলায়ন কৰি দৈবক্রমে ৰক্ষা পৰে।

স্থানীয় লোকে জনোৱা মতে চিলিণ্ডাৰ পৰা অগ্নিকাণ্ডৰ সূত্ৰপাত হয় আৰু চিলিণ্ডাৰ বিস্ফোৰণ হয় সম্পূৰ্ণ ৰূপে দোকান খন ভস্মীভূত হয়।
স্থানীয় লোকৰ তৎপৰতাত কাষৰ আন দোকান কেইখন জুই লগাৰ পৰা ৰক্ষা পৰে।

Leave a Comment