ভয়ংকৰ ভূমিস্খলন! মৃত্যু ৯ জনৰ

ভয়ংকৰ ভূমিস্খলন! জীৱন্তে সমাধিস্থ হ’ল শিশুসহ ৯ জনকৈ লোক ৭ জন লোক এতিয়াও ধ্বংসাৱশেষৰ তলত আছে উদ্ধাৰ অভিযান অব্যাহত আছে ।

উত্তৰাখণ্ডত সংঘটিত হৈছে ভয়ংকৰ ভূমিস্খলনৰ ঘটনা। এই ভূমিস্খলনত ধ্বংসাৱশেষৰ তলত জীৱন্তে সমাধিস্থ হোৱা ২ শিশুৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। ৭ জন লোক এতিয়াও ধ্বংসাৱশেষৰ তলত আছে।

উদ্ধাৰ কৰিব পৰা নাই উত্তৰাখণ্ডৰ পিথোৰাগড়ৰ পিথোৰাগড়ৰ জুম্মা গাঁৱৰ ওচৰত সংঘটিত হৈছে এই ভয়ংকৰ ভূমিস্খলনৰ ঘটনা।

কেইবাদিনো ধৰি নেৰানেপেৰাকৈ দিয়া বৰষুণ আৰু ধুমুহাৰ ফলত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হয়। খহি পৰে পাহাৰৰ এক বৃহৎ অংশ। ঘৰে ভিতৰতে সোমাই আৱদ্ধ হৈ পৰে লোকসকল
ইতিমধ্যে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে দুই শিশুৰ মৃতদেহ। বৰ্তমানেও অন্য ৭ জন লোক আৱদ্ধ হৈ আছে সেই ভূমিৰ ভিতৰত।

উল্লেখ্য যে ৰাজ্যখনৰ পিথোৰাগড়ত ডাৱৰ বিস্ফোৰণ, ধাৰাসাৰ বৰষুণৰ লগতে শিল খহি পৰাৰ ফলত পৰিস্থিতি অধিক অৱনতি ঘটিছে। ইয়াৰ পূৰ্বেও ৰাজ্যখনত মাত্ৰ দুদিন আগতে ডাৱৰ বিস্ফোৰণ হৈছিল যাৰ ফলত ফলত বানপানীৰল সৃষ্টি হৈছিল।

Leave a Comment