ভয়ংকৰ ৰে’ল দুৰ্ঘটনা ।

সংঘটিত হৈছে এক ভয়ংকৰ ৰে’ল দুৰ্ঘটনা। লাইনচ্যুত হৈ ট্ৰেকৰ পৰা নদীত খহি পৰিল মালবাহী ৰে’ল।

কথমপি প্ৰাণ ৰক্ষা পৰে চালকৰ। দুৰ্ঘটনাটোত কোনো ব্যক্তি হতা হতিৰ খবৰ পোৱা হোৱা নাই। মংগলবাৰে পুৱতি নিশা সংঘটিত হয় উৰিষ্যাৰ ইষ্ট ক’ষ্ট ৰেলৱেৰ আংগুল-তালচেৰ ৰেল পথত এই দুৰ্ঘটনাটোত।

জানিব পৰা মতে, ঘেঁহু কঢ়িওৱা ৰে’লখনৰ ছয়টা ডবা পুৱা প্ৰায় ২.৩০ বজাত নদীত ডুব যায়। কিন্তু ইঞ্জিনটো ট্ৰেকত থকাৰ বাবে পাইলট আৰু অন্যান্য কৰ্মচাৰীসকল ৰক্ষা পৰে।ৰেল বিভাগৰ বিষয়াই জনোৱা অনুসৰি, ধাৰাসাৰ বৰষুণৰ বাবেই এই দুৰ্ঘটনাটো সংঘটিত হয় । নন্দীৰা নদীৰ ওপৰত থকা এখন দলঙত দুৰ্ঘটনাটো সংঘটিত হয়।

উল্লেখ্য যে ঘটনাৰ পিছত ইষ্ট ক’ষ্ট ৰেলৱে বিভাগে ১২ খন ৰেল বাতিল কৰিছে বুলি জানিব পৰা গৈছে । লগতে আন আঠ খন ৰেলৰ পথ সলনি কৰে ।মালবাহী ৰেলখন ফিৰোজপুৰৰ পৰা খুৰ্দালৈ গৈ আছিল।

Leave a Comment