অনুমতি অবিহনে ভাৰত এৰিব নোৱাৰিব আফগান নাগৰিকে

অস্থিৰ আফানিস্তানৰ পৰিবেশ সেই সময়তে ভাৰত চৰকাৰে জাৰী কৰিছে এক বিশেষ নিৰ্দেশনা।

এই নিৰ্দেশনা অনুসৰি ভাৰতত থকা আফগান নাগৰিকে দেশ এৰি যোৱাৰ পূৰ্বে অনুমতি লব লাগিব কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয় ৰ।ভাৰত চৰকাৰৰ গৃহ বিভাগে অনুমতি দিলেহে তেওঁলোকে ভাৰত এৰিব পাৰিব
বিগত মাহৰ মাজ ভাগত আফগানিস্তানৰ মহিলা সাংসদ ৰংগীয়া কাৰ্গাৰে ইস্তানবুলৰ পৰা দিল্লীলৈ বিমানেৰে অহাৰ সময়তে তেওঁক ভাৰতত প্ৰৱেশ কৰিবলৈ দিয়া নাছিল আৰু দিল্লী বিমানবন্দৰৰ পৰাই অপমান কৰি ঘূৰাই পঠিওৱা হৈছিল।

গতিকে তেনে ঘটনাৰ পুনৰাবৃত্তি নহবলৈকে ভাৰত চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰে । যিকোনো ভিচাত ভাৰতত বাস কৰা আফগান নাগৰিকে দেশ এৰাৰ আগে আগে ভাৰত চৰকাৰৰ অনুমতি ল’ব লাগিব বুলি নতুন নিৰ্দেশনাত কোৱা হৈছে।

Leave a Comment